যিহেতু বৰ্তমান সময়ত নতুন শিক্ষানীতিৰ আধাৰত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাই এক ৰূপান্তৰৰ ফালে গতি কৰিছে, তাৰে প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ উচ্চশিক্ষা বিভাগ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মালৱীয় মিছন শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ২৬০ গৰাকী নবনিযুক্ত সহঃ প্ৰৱক্তাৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰে।
উক্ত অনুষ্ঠানত আজি প্ৰশিক্ষণৰ আৰম্ভণিতে অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকি তেওঁৰ ভাষণ প্ৰসংগত প্ৰতিগাৰাকী নবনিযুক্ত সহঃ প্ৰৱক্তাক আহি থকা দিনত শিক্ষা পদ্ধতিত ব্যৱহৃত বহুমুখী শিক্ষা ব্যৱস্থাৰ প্ৰতি ধাৱমান আৰু আগ্ৰহী হ’বলৈ আহ্বান জনায়। তেওঁ প্ৰতিগৰাকী প্ৰৱক্তাক বহুমুখী শিক্ষাৰ প্ৰৱৰ্তনেৰে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰীক বিকাশৰ বাবে পদক্ষেপ লবলৈ পৰামৰ্শ প্ৰদান কৰে।
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী প্ৰৱক্তাই অকল নিজৰ বিভাগতে সীমাবদ্ধ নাথাকি জ্ঞান আৰু কৌশলৰ প্ৰয়োগেৰে ছাত্ৰ-ছাত্ৰীসকলক সময়োপযোগী বিদ্যাপ্ৰদানৰ বাবে কয়। ইয়াৰ উপৰিও তেওঁ নবনিযুক্ত সহঃ প্ৰবক্তাসকলক পাঠ্যপুথিৰ লগত বন্ধুত্ব ৰাখিবলৈ পৰামৰ্শ প্ৰদান কৰে কাৰণ দেখা যায় যে বহুটো সময়ত কৰ্মসংস্থাপন পোৱাৰ পিছত আমি আমাৰ এৰি অহা সময়ৰ পাঠ্যপুথিৰ লগত অচিনাকী হৈ পৰা দেখা যায়।
শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান শিক্ষা বিভাগে সমগ্ৰ বিভাগটোকে এক নতুন ৰূপৰেখা দিবলৈ চেষ্টা অব্যাহত ৰাখিছে যাৰ ফলস্বৰূপে শিক্ষক শিক্ষয়িত্ৰীসকলক নিৰন্তৰভাৱে দৈনন্দিন শিক্ষাপদ্ধতিৰ লগত পৰিচয় কৰি দিয়াৰ বাবে Continuous Teachers’ Training ৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
তেওঁ প্ৰতিগৰাকী নবনিযুক্ত সহঃ প্ৰৱক্তাসকলক তেওঁলোকৰ আহিথকা দিনসমূহৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানত আদৰ্শ বিদ্যালয় সংগঠনৰ অধ্যক্ষ অধ্যাপক ননীগোপাল মহন্ত, উচ্চশিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, সঞ্চালক পমি বৰুৱা, এম.এম.টি.চিৰ সঞ্চালক পাৰ্থপ্ৰতীম বৰুৱাও উপস্থিত থাকে।