মাতৃক সাক্ষাৎ কৰিবলৈ ১৬ খন দেশৰ মাজেৰে ১৮৩০০ কিলোমিটাৰ অতিক্ৰম কৰি নজিৰ গঢ়িলে এজন প্ৰৱাসী ভাৰতীয়ই । তেওঁ হৈছে বর্তমান লণ্ডন নিবাসী বীৰজিৎ মুংগলে। মাতৃক সাক্ষাৎ কৰাৰ উপৰিও বীৰজিতৰ বিখ্যাত ছিল্ক পথত গাড়ী চলোৱাৰো আছিল তীব্ৰ হেপাহ । বীৰজিতৰ মাতৃৰ ঘৰ মহাৰাষ্ট্ৰৰ থানেত। লণ্ডনৰ পৰা থানেলৈ দূৰত্ব ১৮,৩০০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ তেওঁ অফিচৰ পৰা দুমাহৰ ছুটী লৈছিল। ইয়াৰ পিছত যাত্ৰা আৰম্ভ কৰে । এই যাত্ৰাত বীৰজিতৰ সংগী হৈ পৰিল ৰোশন শ্ৰেষ্ঠ নামৰ বন্ধুজন । কিন্তু ৰোশনে বীৰজিতৰ লগত লণ্ডনৰ পৰা নেপাললৈ আহে । বীৰজিতে বাকী পথছোৱা অকলে গাড়ী চলাই ভাৰতত উপস্থিত হয় ৷ পিটিআইক দিয়া এক সাক্ষাৎকাৰত বীৰজিতে কয় যে তেওঁ ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, বেলজিয়াম, পোলেণ্ড, লিথুৱেনিয়া, লাটভিয়া, ইষ্ট’নিয়া, ৰাছিয়া, উজবেকিস্তান, কিৰ্গিস্তান, চীন, তিব্বত, নেপাল, ভাৰতকে ধৰি মুঠ ১৬খন দেশ অতিক্ৰম কৰিছে।
বীৰজিতে কয়, “লণ্ডনৰ পৰা এছ ইউ ভি লৈ যাত্ৰা আৰম্ভ কৰিছিলো। সকলো অনুমতি আগতীয়াকৈ লোৱা হৈছিল। নিৰাপত্তাৰ কাৰণে ৰাতি গাড়ী চলোৱা নাছিলো ৷ আগতে প্ৰতিদিনে ৪০০ৰ পৰা ৬০০ কিলোমিটাৰ গাড়ী চলাবলৈ চেষ্টা কৰিছিলোঁ। কিছুদিন পৰিস্থিতি বিবেচনা কৰি ১০০০ কিলোমিটাৰ গাড়ী চলাইছিলো।” কিন্তু এই যাত্ৰা বৰ সহজ নাছিল বুলি বীৰজিতে উল্লেখ কৰে । তেওঁ কয়, “যাত্ৰা কঠিন আছিল। কিছু ঠাইত বতৰ বৰ বেয়া আছিল, কিছুমান ঠাইত অতি ঠাণ্ডা আছিল ।” তেওঁ কয় যে ৫২০০ কিলোমিটাৰ উচ্চতাত উপনীত হ’লে শ্বাস-প্ৰশ্বাসত কষ্ট হৈছিল ৷ কিন্তু বীৰজিতে কয় যে কঠিন যাত্ৰা আৰু কঠিন পথৰ মাজতো এই অভিজ্ঞতা কেতিয়াও পাহৰিব নোৱাৰি। অৱশ্যে মাতৃক সাক্ষাতৰ পাছত পুনৰ ইমান দূৰ গাড়ী চলাবলৈ মন নোযোৱা হ’ল ৷ যাৰ বাবে তেওঁ চলোৱা এছ ইউ ভিখন জাহাজেৰে ব্ৰিটেইনলৈ প্ৰেৰণ কৰা হ’ব আৰু তেওঁ পুনৰ লণ্ডনলৈ উৰা মাৰিব।