লোকসভাৰ অধ্যক্ষ হিচাপে আজি নির্বাচিত হয় ওম বিৰলা ৷ দ্বিতীয়টো কার্যকালৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে তেওঁ নির্বাচিত হয় ৷এন ডি এৰ প্ৰাৰ্থী ওম বিৰলা ধ্বনি ভোটৰ জৰিয়তে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই তেওঁৰ বিৰুদ্ধে অধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছিল। বুধবাৰে ভোটগ্ৰহণ কৰা হয়। পুৱা ১১ বজাৰ পৰা আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া । ৰাজস্থানৰ সাংসদ ওম বিৰলাই সংখ্যাগৰিষ্ঠ ভোট লাভ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে। লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়েও ওম বিৰলাক শুভেচ্চা জ্ঞাপন কৰে ৷ বিৰোধীৰ হৈ এই পদৰ বাবে প্ৰর্থীত্ব আগবঢ়াইছিল কে সুৰেশে ৷ উল্লেখ্য যে বিগত কেইবা দশক ধৰি লোকসভাত অধ্যক্ষ বাচনিৰ বাবে নির্বাচন অনুষ্ঠিত হোৱা নাই ৷ কিন্তু এইবাৰ বিৰোধীক উপাধ্যক্ষ পদ দিবলৈ অমান্তি প্ৰকাশ কৰাৰ পাছতে বিৰোধীয়ে অধ্যক্ষ পদৰ বাবে প্ৰার্থী দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷