প্ৰশ্ন ফাদিল হোৱাৰ আশংকাত পৰীক্ষাৰ এদিন পিছতে বিভিন্ন বিষয়ৰ ই্যজিচি নেট পৰীক্ষা বাতিল কৰা হয়। বৈজ্ঞানিক গৱেষণাৰ বাবে চিএছআইআৰত প্ৰৱেশ পৰীক্ষাও স্থগিত ৰখা হয়। শুকুৰবাৰে নিশা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সেই পৰীক্ষাসমূহৰ নতুন তাৰিখ ঘোষণা কৰে । পৰীক্ষাৰ আৰ্হিতো বিশেষ পৰিৱৰ্তন কৰা হৈছে। পূৰ্বৰ পৰীক্ষাৰ্থীয়ে অ’এমআৰ শ্বীটত পৰীক্ষা দিবলগীয়া হৈছিল। এনটিএই প্ৰকাশ কৰা অনুসৰি এইবাৰ পৰীক্ষা কম্পিউটাৰ অৰ্থাৎ কম্পিউটাৰ বেছড টেষ্ট (চিবিটি)ত অনুষ্ঠিত হ’ব। যোৱা বছৰৰ ডিচেম্বৰ মাহলৈকে কম্পিউটাৰত নেট পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ কিন্তু জুন মাহৰ সেই পদ্ধতি সলনি কৰা হয়। আকৌ পুৰণি নিয়ম অনুসৰি পৰীক্ষা অনুষ্ঠিত হয় ৷
এনটিএই তেওঁলোকৰ অধিসূচনাত প্ৰকাশ কৰিছে যে ইউজিচি নেট ২১ জুলাইৰ পৰা ৪ ছেপ্টেম্বৰৰ মাজত অনুষ্ঠিত হ’ব। সঠিক তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। চিএছআইআৰ ইউজিচি নেট(CSIR UGC NET) ২৫ জুলাইৰ পৰা ২৭ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় শিক্ষানুষ্ঠানৰ পৰা চাৰি বছৰীয়া বিশেষ পাঠ্যক্ৰম (ইণ্টিগ্ৰেটেড টিচাৰ এডুকেচন প্ৰগ্ৰেম বা আইটিইপি)ত নামভৰ্তিৰ বাবে অহা ১০ জুলাইত অনুষ্ঠিত হ’ব নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট (এনচিইটি)। স্নাতকোত্তৰ আয়ুশ প্ৰৱেশ (AIAPGET) পূৰ্ব নিৰ্ধাৰিত তাৰিখ অৰ্থাৎ ৬ জুলাইত অনুষ্ঠিত হ’ব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীসকলক www.nta.ac.in ত ক্লিক কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
১৮ জুনত সমগ্ৰ দেশতে ইউজিচি নেট অনুষ্ঠিত হৈছিল। এই পৰীক্ষাত ৯ লাখ পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। পৰীক্ষাৰ পিছদিনা ১৯ জুনৰ বুধবাৰে নিশা কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। পৰীক্ষাৰ স্বচ্ছতাৰ বাবেই এন টি এয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। শিক্ষা মন্ত্ৰালয়েও এই ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্তৰ নিৰ্দেশ দিছে। সেই তদন্ত এতিয়াও চলি আছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বিশেষজ্ঞৰ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে যাতে এন টি এয়ে স্বচ্ছ পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে।