বৰ্তমান সময়ত মেদবহুলতা এক গুৰুত্বপূৰ্ণ সমস্যা। বিশেষকৈ অতিৰিক্ত চৰ্বী জমা হ’লে বেছি অসুবিধাৰ সন্মুখিন হ’বলগীয়া হয়। অধিক চৰ্বী জমা হ’লে স্বাস্থ্যজনিত বহুত সমস্যাই দেখা দিয়ে। কিন্তু বিশেষজ্ঞ সকলৰ মতে দৈনিক ব্যায়াম , যোগাসন আৰু বিভিন্ন শাৰীৰিক অভ্যাস কৰাৰ উপৰিও এবিধ বিশেষ ডেটক্স পানী সেৱন কৰিলে অতিৰিক্ত চৰ্বী গলোৱাৰ উপৰিও ওজন কমোৱাতো সহায়ক হয়।
উল্লেখ্য যে এই ডেটক্স পানীয়ে শৰীৰৰ অতিৰিক্ত বিষাক্ত পদাৰ্থ নিঃসৰণ কৰাত সহায় কৰে। এই পানী ঘৰতে তৈয়াৰ কৰি ল’ব পাৰি। ইয়াৰ বাবে দৰকাৰ হ’ব অলপ গুড় আৰু নেমুৰ ৰস।
নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে শৰীৰক ডিহাইড্ৰেছনৰ পৰা ৰক্ষা কৰে, হজম শক্তি ভালে ৰাখে , ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস পায় , হাৰ্ট ভালে ৰাখে আৰু ওজন কমোৱাত সহায় কৰে।
আনহাতে গুড়ৰো বহুত উপকাৰিতা আছে। গুড়ে হজম শক্তি ভালে ৰখাৰ লগতে শৰীৰৰ ক্ষতিকাৰক দ্ৰব্য নিঃসৰণ কৰাত সহায় কৰে। গুড়ে ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়ায়।
শৰীৰৰ বাবে প্ৰয়োজনীয় ডেটক্স পানী তৈয়াৰ কৰা বিধি হৈছে- প্ৰথমে এটুকুৰা গুড় গলাই লৈ এক গিলাছ পানীত নেমুৰ ৰস আৰু সেই গলাই লোৱা গুড় মিহলাই ল’ব লাগিব। প্ৰতিদিনে ৰাতিপুৱাই এই পানী সেৱন কৰিলে ওজন কমোৱাত যথেষ্ট সহায়ক হয়।
কিন্তু বিশেষজ্ঞ সকলৰ মতে এদিন এই ডেটক্স পানী সেৱন কৰি অন্য দিনা ফাষ্ট ফুড, তেল অথবা মছলাযুক্ত খাদ্য গ্ৰহণ কৰিলে, এই পানীয়ই কাম নিদিয়ে। গতিকে এই পানীয় গ্ৰহণ কৰিবলৈ আৰম্ভ কৰাৰ পৰা দৈনিক খাদ্যাভ্যাসৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া প্ৰয়োজন। আনহাতে ইয়াৰ লগতে ব্যায়াম আৰু বিভিন্ন শাৰীৰিক অভ্যাসো কৰিব লাগিব নিয়মিত ভাৱে।