গা ধোৱাৰ আগতে নাভি আৰু ভৰিৰ নখত কেইটোপালমান নাৰিকল তেল লগোৱটো যুগ যুগ ধৰি চলি অহা প্ৰথা। নাভিত নাৰিকল তেল নিয়মীয়াকৈ প্ৰয়োগ কৰিলে বিভিন্ন ৰোগৰ পৰা আঁতৰি থাকে বুলি বহুতে কয়। গোটেই শৰীৰৰ স্নায়ু নাভিৰ লগত সংযুক্ত হৈ থাকে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি নাৰিকল তেলে ছালত আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে। পুনৰ বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰচুৰ ফেটি এচিডযুক্ত নাৰিকল তেলে পাচনতন্ত্ৰৰ বিভিন্ন সমস্যা ৰোধ কৰে। ৰাতি শোৱাৰ আগে আগে নাভিত কেইটোপালমান নাৰিকল তেল লগালে কি লাভ হয়?
১)গাঁঠিৰ বিষৰ পৰা উপশম দিয়ে
প্ৰতি নিশা শোৱাৰ আগতে নাভিত কেইটোপালমান নাৰিকল তেল লগালে গাঁঠিৰ বিষৰ পৰা সকাহ পোৱা যায়। গোটেই শৰীৰৰ স্নায়ু, শিৰা আৰু উপশিৰা নাভিৰ লগত সংযুক্ত হৈ থাকে। নাভিত নাৰিকল তেলেৰে মালিচ কৰিলে ৰক্ত সঞ্চালন ভাল হয়। নাৰিকল তেলৰ মালিচে বাতবিষৰ বিষ আৰু প্ৰদাহ নিয়ন্ত্ৰণ কৰিবলৈ অতি উত্তম কাম কৰে।
২) সংক্ৰমণৰ ভয় কমি যায়
নাভিত মলি জমা হোৱাৰ প্ৰৱণতা দেখা যায়। প্ৰতিদিনে চাবোনেৰে গা ধুলেও নাভিটো পৃথকে পৃথকে চাফা কৰিবলৈ মনত নাথাকে। ফলত বেক্টেৰিয়া, ভেঁকুৰে সহজেই তাত বাহ সাজিব পাৰে। কিন্তু নাভিত নাৰিকল তেল কেইটোপালমান নিয়মিতভাৱে প্ৰয়োগ কৰিলে এনে সমস্যা নিয়ন্ত্ৰণত থাকিব পাৰে।
৩) হজম শক্তি ভাল কৰে
নাভিত নাৰিকল তেল লগোৱাৰ প্ৰথা আয়ুৰ্বেদত অতি পুৰণি। হৃদস্পন্দন, পেটৰ বিষ, গেছ, পেট ফুলা বা বদহজম – এই সকলোবোৰ নাভিত নাৰিকল তেল প্ৰয়োগ কৰি নিয়ন্ত্ৰণ কৰিব পাৰি। নিয়মিতভাৱে ব্যৱহাৰ কৰিলে কোষ্ঠকাঠিন্যৰ সমস্যাও আৰোগ্য হয়।