পিতৃ-মাতৃয়ে সন্তানক নিজৰ হাতেৰে খাবলৈ শিকাবলৈ তেওঁলোকক বিভিন্ন খাদ্য খাবলৈ দিয়ে ৷ কিন্তু এই ক্ষেত্ৰত অভিভাৱকসকলে অলপ সাৱধান হোৱাটো জৰুৰী। কেঁচুৱাটোৰ ডিঙিত খাদ্য আবদ্ধ হৈ পৰিলে ভীষণ সমস্যাৰ সৃষ্টি হ’ব পাৰে । কণমানিটোৱে যেতিয়া নিজৰ হাতেৰে খাবলৈ আৰম্ভ কৰে তেতিয়া কিছুমান খাদ্য তেওঁক দিয়া উচিত নহয়। কিন্তু এই উপদেশ পালন নকৰিলে মাজে মাজে বিপদ আহিব পাৰে।
আঙুৰ: শিশুক গোটা আঙুৰ হাতত নিদিব ৷ আঙুৰ টুকুৰা টুকুৰকৈ কাটি দিব । অন্যথা এই ফল ডিঙিত আবদ্ধ হৈ পৰাৰ আশংকা থাকে।
পপকৰ্ণ: কেতিয়াবা আমি চিনেমা চাই পপকৰ্ণ খাওঁ। কিন্তু শিশুৰ হাতত পপকৰ্ণৰ বাটি এটা দিয়াৰ আগতে সাৱধান হওক। পপকৰ্ণ শুকান, যাৰ গুটি শিশুৰ ডিঙিত প্ৰৱেশ কৰিলে বিপদজনক হ’ব পাৰে।
কেণ্ডি: শিশুৱে ৰঙীন কেণ্ডি খাবলৈ ভাল পায়। কিন্তু তেওঁলোকৰ হাতত কেণ্ডি তুলি দিয়াৰ আগতে সাৱধান হওক। বেছি ডাঙৰ আৰু কঠিন কেণ্ডি ডিঙিত আবদ্ধ হৈ পৰিব পাৰে।
বাদাম: শিশুক যিকোনো ধৰণৰ বাদাম, যেনে কাজু, আলমণ্ড, বাদাম দিয়াৰ আগতে সাৱধান হওক। কিন্তু এইবোৰে শিশুৰ ডিঙিত আবদ্ধ হৈ পৰাৰ আশংকাও সৃষ্টি হ’ব পাৰে।
চ্যুইংগাম: অতি সৰু ল’ৰা-ছোৱালীৰ হাতত চ্যুইংগাম নিদিব ৷ এনে খাদ্য তেওঁলোকৰ ডিঙিত আবদ্ধ হৈ পৰাৰ আশংকা অতি বেছি।