এতিয়া আমৰ বতৰ ৷ পকা আমৰ পুষ্টিগুণৰ বিষয়ে প্ৰায় সকলোৱে জানে। আমত বিটা-কেৰটিন, পটাছিয়াম, প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু এন্টিঅক্সিডেন্ট থাকে। কিন্তু বহুতে নাজানে, পকা আম মুখত লগালে কি লাভ হয়।
পকা আম ছালত লগালে কি কি লাভ হয়?
১) ছালখন ভিতৰৰ পৰা জিলিকি উঠে।
২)ছালৰ মসৃণতা বজাই ৰখা হয়।
৩) ছালত বয়সৰ লক্ষণ সোনকালে দেখা নাযায়।
৪) বলিৰেখা, ক’লা দাগ, দাগৰ সমস্যা দূৰ হয়। আনকি, আম লগালে সোনকালে আতৰ হয় ৰ’দে পোৰা দাগ ৷
৫)ছালৰ নিজৰ তেল বা চেবাম নিঃসৰণ নিয়ন্ত্ৰণ কৰে।
৬) আমে ছালৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে।
৭) ছালৰ মৃত কোষবোৰ আঁতৰোৱাতো সহায় কৰে।
পকা আম কেনেকৈ মুখত লগাব?
১) পকা আম আৰু বেচনৰ ফেচ মাস্ক
সৰু বাটি এটাত পকা আম লওক। তাৰ লগত এক চামুচ বেচন মিহলাই লওক। ইচ্ছা কৰিলে অলপ মৌ মিহলাই দিব পাৰে। ভালদৰে মিহলাই মুখত লগাব। পাতলীয়াকৈ পাঁচ মিনিট মালিচ কৰিব পাৰে। এই মিশ্ৰণটোৱে এক্সফোলিয়েটৰৰ কাম কৰিব। ইয়াৰ পিছত ২০ৰ পৰা ২৫ মিনিট ৰাখি পানীৰে ধুই পেলাওক।
২) পকা আম আৰু আলমণ্ড ফেচ মাস্ক
পকা আমৰ বাকলি আৰু ৫-৬ টা তিয়াই থোৱা আলমণ্ডৰ মিক্সাৰত পেষ্ট বনাওক। তাৰ লগত অলপ মৌ মিহলাই লওক। ইয়াৰ পিছত মুখ আৰু ডিঙিত লগাব। পোন্ধৰ মিনিট ৰাখি ধুই পেলাওক।
৩) পকা আম আৰু মুলতানি মাটিৰ ফেচ মাস্ক
সৰু বাটি এটাত এচামুচ মুলতানি মাটি আৰু পকা আমৰ ভালদৰে মিহলাই লওক। ইচ্ছা কৰিলে অলপ টেঙা দৈ মিহলাই দিব পাৰে। এই মিশ্ৰণটো পোন্ধৰ মিনিট মুখত ৰাখিব। তাৰ পিছত পানীৰে ধুই পেলাওক।