‘ফুলৰ উপত্যকা’ বুলি ক’লেই প্ৰথম নাম মনলৈ আহে উত্তৰাখণ্ডৰ। কিন্তু সেই সৌন্দর্যৰ সাক্ষী হোৱাটো সহজ নহয়। তাত উপনীত হ’বলৈ পাহাৰীয়া দীঘলীয়া বাট খোজ কাঢ়িব লাগে।
সেই কঠিন কাম যদি সম্ভৱপৰ নহয়, তেনেহ’লে মহাৰাষ্ট্ৰৰ ‘ফুলৰ উপত্যকা’ চাব পাৰে। সতৰা জিলাৰ সতৰা চহৰৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ দূৰত্বত ৰঙীন ফুলে আপোনাৰ বাবে অপেক্ষা কৰি আছে। কাছ মালভূমিত ৮৫০ টাতকৈও অধিক প্ৰজাতিৰ ফুল ফুলে। স্থানীয় লোকে এই ঠাইখনক ‘কাছ পথাৰ’ বুলি কয়। বাৰিষাত কাছ আটাইতকৈ ধুনীয়া হৈ পৰে। আগষ্টৰ পৰা ফুল ফুলা আৰম্ভ হয়। অক্টোবৰ মাহলৈকে থাকে। কেতিয়াবা ফুল ফুলাৰ সময়ৰ সামান্য তাৰতম্য ঘটে। তাৰ ভিত্তিত পৰ্যটকৰ প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হয়। সাধাৰণতে ছেপ্টেম্বৰৰ শেষৰ পৰা পৰ্যটক তালৈ যাব পাৰে। এই উপত্যকা এবছৰত ১৫-২০ দিন আটাইতকৈ ধুনীয়া হৈ পৰে। ইয়াত কমেও ৩৯টা প্ৰজাতিৰ ফুল পোৱা যায়, যিবোৰ আন ক’তো পোৱা নাযায়। গতিকে উদ্ভিদবিদসকলৰ বাবে এই ঠাইখনৰ গুৰুত্ব অপৰিসীম। ফুলৰ এই উপত্যকা কোয়েনা অভয়াৰণ্যৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত। বিশাল অঞ্চলৰ অধিকাংশই সংৰক্ষিত অৰণ্যৰ অন্তর্গত ।
কেনেকৈ বুকিং কৰিব?
এই উপত্যকালৈ যিকোনো ব্যক্তি আহিব পাৰে। ইয়াৰ বাবে আগতীয়াকৈ টিকট কিনিব লাগিব। প্ৰতিদিনে ৩ হাজাৰ পৰ্যটকক ফুলৰ উপত্যকালৈ যাবলৈ অনুমতি দিয়া হৈছে। কাছ মালভূমিৰ নিজা ৱেবছাইটত গৈ অনলাইন এডভান্স টিকট বুকিং কৰিব লাগিব। প্ৰৱেশৰ বাবে টিকটৰ মূল্য ১৫০ টকা। গাইডৰ বাবে ১০০ টকা । ৰাজমাৰ্গৰ পৰা ৫০ টকাত চাইকেল ভাড়া কৰি কুমুডিনি হ্ৰদ অন্বেষণ কৰিব পাৰি। ইয়াত সময় অতি গুৰুত্বপূৰ্ণ। দিনটো তিনিটা ভাগত সময় দিয়া হয়। পুৱা ৭ বজাৰ পৰা ১১ বজালৈ, ১১ বজাৰ পৰা ৩ বজালৈ আৰু ৩ বজাৰ পৰা ৬ বজালৈ। নিৰ্দিষ্ট সময়ত ১০০০ পৰ্যটকৰ প্ৰৱেশৰ অনুমতি।
কেনেকৈ আহিব?
মুম্বাইৰ পৰা কাছ মালভূমিলৈ দূৰত্ব প্ৰায় ২৫০ কিলোমিটাৰ। কাছ মালভূমি চাবলৈ হ’লে সাতাৰাত থাকিব পাৰে। মুম্বাই বা পুনেৰ তাৰ পৰা সতৰালৈ যাব পাৰি। পুনেৰ পৰা সতৰালৈ একাধিক ৰে’ল চলাচল কৰে।