প্ৰতিদিনে প্লাষ্টিকৰ বটলত পানী খোৱাৰ ফলত বিভিন্ন ৰোগ হ’ব পাৰে ৷ ইয়াৰে ভিতৰত অন্যতম হৈছে ডায়েবেটিছ ৷ আমেৰিকান ডায়েবেটিক এছ’চিয়েশ্যনে এই দাবী কৰিছে। গৱেষণাৰ পৰা দাবী কৰা হৈছে যে প্লাষ্টিকৰ বটলত পানীৰ লগত বহু পৰিমাণে প্লাষ্টিক-কণা মিহলি হৈ থাকে। এই প্লাষ্টিক পানী খোৱাৰ সময়ত শৰীৰত প্ৰৱেশ কৰি শৰীৰত বিষাক্ত পদাৰ্থৰ মাত্ৰা বহুগুণে বৃদ্ধি কৰে। এই প্লাষ্টিক কণাবোৰ যদি অতিৰিক্তভাৱে শৰীৰত প্ৰৱেশ কৰে তেন্তে শৰীৰত ইনচুলিনৰ পৰিৱৰ্তন ঘটে। টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।
কেলিফৰ্ণিয়া ষ্টেট ইউনিভাৰ্চিটিৰ গৱেষকসকলে দীৰ্ঘদিন ধৰি প্লাষ্টিকৰ বটলৰ ক্ষতিকাৰক দিশৰ ওপৰত গৱেষণা কৰি আহিছে। এই অণুবীক্ষণিক প্লাষ্টিক কণাবোৰক ‘নেন’প্লাষ্টিক’ বুলি কোৱা হয় বুলি গৱেষকসকলে জানিবলৈ দিয়ে। গৱেষণাৰ পৰা দেখা গৈছে যে ১ লিটাৰ প্লাষ্টিকৰ বটলৰ পানীত (৩৩ অ’জ) কমেও ২ লাখ ৪০ হাজাৰ প্লাষ্টিকৰ কণা থাকে। খালী চকুৰে দেখা পোৱা নাযায়। পানীৰে শৰীৰত প্ৰৱেশ কৰি তেজৰ লগত মিহলি হয় এই কণা । ইহঁতৰ দৈৰ্ঘ্য ১ৰ পৰা ৫০০০ মাইক্ৰ’মিটাৰ । অৰ্থাৎ মানুহৰ মূৰৰ চুলিতকৈয়ো মিহি। এই মিহি প্লাষ্টিকৰ কণাবোৰেই প্লাষ্টিকৰ বটলত পানীত মিহলি হৈ থাকে।
খোৱাপানীৰ বাবে বজাৰত বিক্ৰী হোৱা অধিকাংশ পানীৰ বটল একক ব্যৱহাৰযোগ্য প্লাষ্টিকৰ। এনে বটলৰ পানী দিনৰ পিছত দিন খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। শৰীৰৰ বাবে ক্ষতিকাৰক ‘বিচফেনল এ’ বা ‘বিপিএ’কে ধৰি কেইবাটাও উপাদান ব্যৱহাৰ কৰি প্লাষ্টিকৰ বটল তৈয়াৰ কৰা হয়।
গৱেষকসকলে কয় যে, যদিহে নেন’প্লাষ্টিক আৰু ‘বিচফেনল এ’ অধিক মাত্ৰাত মানুহৰ শৰীৰত প্ৰৱেশ কৰে তেন্তে ই বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰিব পাৰে। কি কি ৰোগৰ কাৰণ হ’ব পাৰে সেই বিষয়ে পৰীক্ষা কৰি থাকোঁতে গৱেষকসকলে এই কথা জানিব পাৰিছে যে বটল তৈয়াৰ কৰাত ব্যৱহাৰ কৰা কিছুমান প্ৰকাৰৰ প্লাষ্টিকে শৰীৰত ইনচুলিনৰ নিঃসৰণত প্ৰভাৱ পেলায়। যাৰ ফলত পিছত ডায়েবেটিছ হ’ব পাৰে। গৱেষকসকলে দাবী কৰে যে ৪০ জন প্ৰাপ্তবয়স্কৰ ওপৰত পৰীক্ষা কৰাৰ পিছতো এই প্ৰমাণ পোৱা গৈছে। কেৱল সেয়াই নহয়, প্লাষ্টিকৰ ‘বিপিএ’ই হৰম’ন আৰু ক্ৰম’জমৰ সমস্যাও সৃষ্টি কৰিব পাৰে। শৰীৰত বৃহৎ পৰিমাণৰ প্লাষ্টিকৰ কণা জমা হ’লে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস পায়। মহিলাৰ হৰম’নৰ নিঃসৰণ বন্ধ কৰে। বিশেষকৈ ইষ্ট্ৰজেন হৰম’নৰ ফলপ্ৰসূতা হ্ৰাস পাব পাৰে।