সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘ইড়িকা’ৰ উদ্যোগত আৰু ‘অংকুৰণ শিল্পী সমাজ’ৰ সহযোগত বিগত বৰ্ষৰ দৰে এইবাৰো কিছু ব্যতিক্ৰমী ৰূপত শিশু সকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ লগতে মনোৰঞ্জনৰ দিশৰ লগত সংগতি ৰাখি অহা জুলাই মাহৰ ১১ তাৰিখৰ পৰা ১৭ তাৰিখলৈ ৭ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীস্থিত কাহিলিপাৰাৰ জ্যোতিচিত্ৰবনত এক গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে । কৰ্মশালাত অভিনয়, নৃত্য, যোগাসন প্ৰাণায়ম ,কাহিনী কোৱা, ক্লে পেইণ্টিং, যাদু আদি বিষয়ৰ অভিজ্ঞ প্ৰশিক্ষকসকল উপস্থিত থকাৰ লগতে অভিনয় বিষয়ত বিশেষ ভাবে পাঠদান কৰিবলৈ উপস্থিত থাকিব জাগীৰোড মহাবিদ্যালয়ৰ অভিনয় বিভাগৰ প্ৰবক্তা তথা শিশু বিশেষজ্ঞ সঞ্জীৱ বুঢ়াগোহাঁই । উল্লেখনীয় যে উক্ত কৰ্মশালাত শিশু সকলৰ দৈনন্দিন জীৱন প্ৰক্রিয়াৰ ওপৰত বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা কাউন্সেলিঙো কৰা হ’ব । লগতে কৰ্মশালাটিক সর্বাংগ সুন্দৰ কৰি তুলিবলৈ উপস্থিত থাকিব অসমৰ ছবি জগতৰ বহু কেইখন চিনাকি মুখ ক্ৰমে পূৰবী শৰ্মা, সাগৰিকা গোস্বামী, লিপিকা বৰা মেধি, সীমাশ্ৰী বৰা, ভ্ৰান্তি মেধি, গায়ত্ৰী বৰা, শিল্পী শিখা দেৱী, সিদ্ধাৰ্থ নিপন গোস্বামী, পল ফুকন, ভাৰ্গব দাস, পাৰ্থ দত্ত, দৰথী ভৰদ্বাজ।
উক্ত কৰ্মশালাৰ শিশুসকলৰ বয়সৰ সীমা ৮ বছৰৰ পৰা ১৬ বছৰলৈ নিৰ্ধাৰণ কৰি দিয়া হৈছে৷ আনহাতে কৰ্মাশালাৰ নামভৰ্তি মাচুল নিৰ্ধাৰণ কৰি দিয়া হৈছে যদিও আৰ্থিক ভাৱে দুৰ্বল আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ বাবে ৫০% ৰেহাই মূল্য কৰি দিয়া হৈছে।
ইতিমধ্যে কৰ্মাশালাখনিৰ প-পত্ৰ সংগ্ৰহ কৰি থকা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে৷ সেয়েহে আগ্ৰহী সকলক ৭০৮৬৪-১০২৪৩,৮৮১১০-৯১৩৬০ আৰু ৬৯১৩৬-১৮৬৯৪ নম্বৰত শীঘ্ৰেই যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷