প্ৰতিদিনে এটা আপেল খালে বিভিন্ন ৰোগৰ পৰা ৰক্ষা পাব পাৰি। এই কথা সকলোৱে জানে । কিন্তু পুষ্টিবিদসকলে কয় যে নাচপতিৰ গুণ একে হোৱাৰ পিছতো এই ফলবিধ জনপ্ৰিয় নহয়। নাচপতিত থাকে বহুতো পুষ্টিগুণ ৷নাচপতিত আঁহ থাকে। এই আঁহ পেটৰ বাবে উপকাৰী। আইৰণেৰে সমৃদ্ধ এই ফল ৰক্তহীনতাৰ সমস্যা নিৰাময় কৰে। এই ফলবিধ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অতি উত্তম। নাচপতি খালে কি কি লাভ হয়?
১)ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে
নাচপতিত এন্থ’চাইনিন নামৰ এবিধ পদাৰ্থ থাকে। ই তেজৰ শর্কৰা নিয়ন্ত্ৰণত সহায় কৰে। এই ফলৰ গ্লাইচেমিক সূচকাংক কম। গতিকে তেজৰ শর্কৰা বৃদ্ধি হোৱাৰ ভয় নাথাকে ৷
২)হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে
নিয়মিতভাৱে নাচপতি খালে তেজত থকা ‘বেয়া’ কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে। গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব বিচাৰিলেও নাচপতি খাব পাৰে। এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এই ফলটোৱে ৰক্তচাপ স্বাভাৱিক কৰি ৰখাতো সহায় কৰে।
৩) প্ৰদাহ নিবাৰণকাৰী
নাচপতিত ভিটামিন চি আৰু কে থাকে। এই ভিটামিন দুটাই শৰীৰত এন্টি-ইনফ্লেমেটৰী হিচাপে কাম কৰে। এই ফলবিধে বিভিন্ন প্ৰদাহজনিত সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে।
৪) ভাল হজম ক্ষমতা
নাচপতিত আঁহৰ পৰিমাণ বেছি। নাচপতি খালে পাচনতন্ত্ৰৰ সমস্যা নিৰাময় হয়। আকৌ এই ফল কোষ্ঠকাঠিন্য নিৰাময়ৰ বাবেও অতি উত্তম।
৫) ওজন কমি যায়
আঁহযুক্ত এই ফলটোৱে ওজন নিয়ন্ত্ৰণতো সহায় কৰে। আঁহে আচলতে অন্ত্ৰক সুস্থ কৰি ৰাখে। আৰু অন্ত্ৰ ভাল হ’লে বিপাকীয় ক্ৰিয়াও ভাল। ফলত ওজন নিয়ন্ত্ৰণত থাকে।