স্বাস্থ্যজনিত সমস্যাৰ বাবে হাস্পতালত পুনৰ ভৰ্তি কৰোৱা হৈছে বৰ্ষীয়ান ৰাজনীতিক তথা প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানিক। বুধবাৰে নিশা তেঁওক দিল্লীৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয়।
কেইদিনমান পূৰ্বে এইমছত ভৰ্তি কৰোৱা হৈছিল ‘ভাৰত ৰত্ন’ এল কে আদৱানিক। চিকিৎসাৰ অন্তত তেঁওক২৭ জুনত ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছিল ৷ যোৱা নিশা পুনৰ তেওঁ অসুস্থ হৈ পৰে ৷ যাৰ ফলত তেওঁক পুনৰ এপ’ল’ হাস্পতালত ভর্ত্তি কৰোৱা হয় ৷ সম্প্ৰতি ৯৬বছৰীয়া ৰাজনীতিকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি সদৰী কৰিছে হাস্পতাল কতৃপক্ষই ৷ অৱশ্যে তেওঁ কেনেধৰণৰ অসুস্থ সেয়া এতিয়াও স্পষ্ট কৰা নাই চিকিৎসালয় কতৃপক্ষই ৷
১৯২৭ চনৰ ৮ নৱেম্বৰত কৰাচী (বৰ্তমানৰ পাকিস্তান)ত জন্মগ্ৰহণ কৰা আদৱানীয়ে ১৯৪২ চনত স্বয়ংসেৱক হিচাপে আৰ এছ এছত যোগদান কৰে।১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈ, তাৰ পিছত ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈকে আৰু ২০০৪ চনৰ পৰা ২০০৫ চনলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে আদৱানীয়ে ৷ ১৯৮০ চনত দলটোৰ আৰম্ভণিৰ পিছত আটাইতকৈ দীৰ্ঘদিন ধৰি দলটোৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।