আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য্যৰ দ্বাদশ মৃত্যু বাৰ্ষিকী ৷ ২০১২ চনৰ ৪ জুলাইত কাব্য অনুৰাগীসকলক কন্দুৱাই চিৰ দিনৰ বাবে ইহসংসাৰৰ পৰা আতৰি গৈছিল কবিগৰাকী ৷
উল্লেখ্য যে হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ পাইছিল ১৯৫৭ চনত। ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্যৰ প্ৰথম খন কাব্য গ্ৰন্থ সংকলন “ৰৌদ্ৰ কামনা“ প্ৰকাশ কৰা হৈছিল ৷ প্ৰথম খন কাব্য গ্ৰন্থ “ৰৌদ্ৰ কামনা” প্ৰকাশ পোৱাৰ আঠ বছৰৰ পাছত ১৯৭২ চনত প্ৰকাশ পাইছিল হীৰেন ভট্টাচাৰ্যৰ দ্বিতীয় খন কাব্য গ্রন্থ “মোৰ দেশ আৰু মোৰ প্রেমৰ কবিতা“।
১৯৬৪ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত লিখা কবিতা সমূহ এই দ্বিতীয় খন কাব্য গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছিল। হীৰেন ভট্টাচাৰ্যৰ অসমীয়া ভাষাত প্ৰকাশিত আন আন কাব্য সংকলন সমূহ হ’ল- ‘বিভিন্ন দিনৰ কবিতা’ (১৯৭৪), ‘কবিতাৰ ৰ’দ’ (১৯৭৭), ‘সুগন্ধি পখিলা’ (১৯৮১), ‘শইচ পথাৰ মানুহ’ (১৯৮১), ‘মোৰ প্ৰিয় বৰ্ণমালা’, ‘ভালপোৱাৰ বোকা-মাটি’, ‘ভালপোৱাৰ দিক্চৌ বাটেৰে’, ‘বাচকবনীয়া কবিতা’, ‘সুগন্ধি শিপা’, ‘শিপাৰ পৰা পাতলৈ’, ‘কেইটামান গান’ আদি। ইয়াৰ উপৰিও ভট্টাচাৰ্যৰ বঙালী ভাষাত প্ৰকাশিত কাব্য সংকলন হ’ল- ‘জোনাকী মন আৰু অন্যান্য’, ‘শস্যেৰ মাঠ আৰু অন্যান্য’। অসমীয়া সাহিত্য জগতলৈ প্ৰভূত অৰিহণা আগবঢ়োৱা বিশিষ্ট কবি গৰাকীয়ে ২০১২ চনৰ ৪ জুলাইত জীৱন নাটৰ সামৰণি মাৰে ৷