বৃহস্পতিবাৰে ব্ৰিটেইনত ১৪ বছৰৰ পাছত ক্ষমতা পৰিৱৰ্তনৰ বাৰ্তাৰে ভোটদানৰ অন্ত পৰে। ব্ৰিটিছ সংসদৰ নিম্ন সদন হাউছ অৱ কমনছৰ মুঠ আসনৰ সংখ্যা ৬৫০খন। নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা হৈছে ‘যাদুকৰী সংখ্যা’ ৩২৬। প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ কনজাৰ্ভেটিভ পাৰ্টি (ট’ৰী)ৰ দুগুণ ভোট আৰু তিনিগুণ আসন লাভ কৰি কিয়ৰ ষ্টাৰমাৰৰ নেতৃত্বত লেবাৰ পাৰ্টিয়ে ক্ষমতা দখল কৰিবলৈ সাজু হৈছে। কিৰ ষ্টাৰমাৰৰ পার্টীয়ে লাভ কৰিছে ৩৯২ খন আসন লাভ কৰে ৷
অর্থাৎ প্ৰধানমন্ত্ৰীৰ আসন হেৰুৱালে ভাৰতীয় মূলৰ ঋষি সুনাকে ৷ কনজাৰ্ভেটিভ পাৰ্টি দুৰ্ভাগ্যজনকভাৱে পৰাস্ত হ’লেও বিদায়ী ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে নিজৰ ৰিচমণ্ড আৰু নৰ্থ এলাৰ্টনৰ আসনত জয়লাভ কৰে।
ব্ৰিটেইনৰ বিদায়ী প্ৰধানমন্ত্ৰী ঋষি সুনাকে সম্পূৰ্ণ ফলাফল প্ৰকাশৰ পূৰ্বে পৰাজয় মানি লৈছিল। শুকুৰবাৰে পুৱা দলটোৰ সমৰ্থকসকলক সম্বোধন কৰি সুনাকে কয় –“ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিয়ে জয়লাভ কৰিছে। এই জয়ৰ বাবে অভিনন্দন জনাবলৈ মই কিয়ৰ ষ্টাৰমাৰক ফোন কৰিলোঁ। আজি শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ হ’ব।” একে সময়তে তেওঁ আৰু কয়, “মই দুখী। এই পৰাজয়ৰ দায়িত্ব মই গ্ৰহণ কৰিছো।”
উল্লেখ্য যে এইবাৰ ব্ৰিটিছ সংসদত সৰ্বাধিক মহিলা সাংসদ দেখা যাব। ভোটগণনা সম্পূৰ্ণ হোৱাৰ পূৰ্বেও ২৪২ গৰাকী মহিলা প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল। দেশত মুঠ ৬৫০ খন আসন। অৰ্থাৎ এতিয়ালৈকে মহিলাসকলে ৩৭% আসন লাভ কৰিছে। ইয়াৰ পূৰ্বে ২০১৯ চনৰ নিৰ্বাচনত ২২০ গৰাকী মহিলা প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল।