বৰষুণৰ দিনত ভাল কাপোৰ নষ্ট কৰিবলৈ কোনেও নিবিচাৰে। এই সময়ছোৱাত কপাহ বা ৰেচমৰ দৰে কাপোৰৰ সলনি ৰেয়ন, নাইলন, পলিয়েষ্টাৰৰ দৰে কাপোৰ ব্যৱহাৰ কৰা হয়। যিয়ে পানী সোনকালে শোষণ কৰিব পাৰে। কিন্তু এই সকলোবোৰ কাপোৰ সুবিধাজনক যদিও কেতিয়াবা শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। বিশেষকৈ পলিয়েষ্টাৰ। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে দাবী কৰিছে যে পুনঃব্যৱহাৰযোগ্য নহোৱা আৰু ৰাসায়নিক ভিত্তিক পলিএষ্টাৰ ছালৰ বাবে ক্ষতিকাৰক হোৱাই নহয়, এনে কাপোৰেৰে নিৰ্মিত কাপোৰ দীৰ্ঘ সময় ধৰি পৰিধান কৰিলেও গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।
কাপোৰ কিনাৰ সময়ত ভালদৰে মন কৰিলে দেখিব যে বেছিভাগ কাপোৰতে পলিয়েষ্টাৰ থাকে। পলিয়েষ্টাৰৰ বহুতো বেয়া গুণ আছে। যিহেতু এই কাপোৰ ৰাসায়নিক পদাৰ্থৰে তৈয়াৰ কৰা হৈছে, গতিকে ই মানুহৰ ছালৰ বাবে একেবাৰেই ভাল নহয়। দীৰ্ঘদিন শৰীৰত ৰাখিলে ইয়াৰ পাৰ্শ্বক্ৰিয়া মাৰাত্মক হ’ব পাৰে।
ডাইহাইড্ৰিক এলক’হল আৰু টেৰেফ্থালিক এচিডৰ কৃত্ৰিম পলিমাৰৰ পৰা পলিয়েষ্টাৰ তৈয়াৰ কৰা হয়। পলিয়েষ্টাৰ প্ৰাকৃতিক বা উদ্ভিদ সামগ্ৰীৰ পৰাও তৈয়াৰ কৰা হয়, যিটো পৰিৱেশ অনুকূল আৰু পুনঃব্যৱহাৰযোগ্য। অৱশ্যে আমি পিন্ধা কাপোৰবোৰত এতিয়া চিন্থেটিক পলিয়েষ্টাৰ ব্যৱহাৰ কৰা হয়। পলিয়েষ্টাৰৰ কাপোৰো আজিকালি কপাহৰ লগত মিহলাই তৈয়াৰ কৰা হয়। আমি নিঃসংকোচে সেইবোৰ ক্ৰয় কৰোঁ। ইয়াৰ ভিতৰত থাকে বিচফেনল-এ। এই ৰাসায়নিক পদাৰ্থবোৰ শৰীৰৰ বাবে ক্ষতিকাৰক। শেহতীয়া কিছু গৱেষণাৰ পৰা কোৱা হৈছে যে এই ৰাসায়নিক পদাৰ্থ আজিকালি প্লাষ্টিকৰ বটলত পোৱা যায়, যিবোৰ শৰীৰত প্ৰৱেশ কৰিলে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে।
পলিয়েষ্টাৰৰ লগত দীৰ্ঘদিন ধৰি ছাল সংস্পৰ্শলৈ আহিলে ছালৰ সংক্ৰমণ হ’ব পাৰে। আনকি ইয়াৰ ফলত ছালৰ কৰ্কট ৰোগ হ’ব পাৰে। খেলা-ধূলা বা ব্যায়ামৰ সময়ত কৃত্ৰিম পলিয়েষ্টাৰ কাপোৰ বেছিকৈ ব্যৱহাৰ কৰা হয়। জিমৰ বেছিভাগ কাপোৰ পলিয়েষ্টাৰৰ। এনে কাপোৰ অবিৰতভাৱে পিন্ধিলে ইয়াৰ ফলত ছালৰ বিভিন্ন ৰোগ হ’ব পাৰে।
গৱেষকসকলৰ মতে পলিয়েষ্টাৰৰ কাপোৰ যদি দীৰ্ঘদিন ব্যৱহাৰ কৰা হয় তেন্তে এই কাপোৰৰ ৰাসায়নিক উপাদান শৰীৰত প্ৰৱেশ কৰি কোষৰ লগত মিহলি হয়। ইয়াৰ ফলত ছালৰ সংক্ৰমণ হ’ব পাৰে। পলিয়েষ্টাৰেও হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। শিশুক কেতিয়াও পলিয়েষ্টাৰৰ কাপোৰ পিন্ধাব নালাগে। গৱেষকসকলে কয় যে পলিফ্ল’ৰ’এলকাইলযুক্ত পলিয়েষ্টাৰ আৰু নাইলন কাপোৰে ছালৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। গতিকে কাপোৰ বাছনিৰ ক্ষেত্ৰত যিমান পাৰি সাৱধান হ’ব লাগে। পৰিৱেশ অনুকূল কাপোৰ শৰীৰৰ বাবে ভাল।