অল ইণ্ডিয়া মেডিকেল এণ্ট্ৰেন্স টেষ্ট নীট-ইউজি(NEET-UG)ৰ কাউন্সেলিং পিছুৱাই দিয়া হৈছে। আয়োজক সংস্থা নেশ্যনেল টেষ্টিং এজেন্সীয়ে ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ক জনাইছিল যে শনিবাৰৰ পৰা (৬ জুলাই) নীট-ইউজি কাউন্সেলিং আৰম্ভ হ’ব। কিন্তু শনিবাৰে ঘোষণা কৰা হয় যে নীট-ইউজিৰ কাউন্সেলিং অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হ’ব। অহা সোমবাৰে উচ্চতম ন্যায়ালয়ত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব ।
নীট-ইউজিৰ ফলাফলক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে চিবিআইয়ে প্ৰশ্নকাকত বিক্ৰীৰ অভিযোগত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। এনে পৰিস্থিতিত নীটট-ইউজি ২০২৪ বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। সেই গোচৰত কেন্দ্ৰই শুকুৰবাৰে শপতনামাযোগে আদালতক অৱগত কৰিছিল যে পৰীক্ষা বাতিল কৰাৰ কোনো কাৰণ নাই। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে যুক্তি দিছিল যে সমগ্ৰ পৰীক্ষা বাতিল হ’লে লাখ লাখ পৰীক্ষাৰ্থী বিপদত পৰিব।
শপতনামাত এই কথাও দাবী কৰা হৈছে যে বৃহৎ পৰিসৰৰ অনিয়মৰ কোনো প্ৰমাণ পোৱা নাই। জানিব পৰা মতে, চিবিআইয়ে অনিয়ম সন্দৰ্ভত পুংখানুপুংখ তদন্ত চলাই আছে। পৰীক্ষাৰ স্বচ্চতা নিশ্চিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠত উচ্চতম ন্যায়ালয়ে কাউন্সেলিং স্থগিত ৰখাৰ আবেদনত সন্মতি প্ৰকাশ কৰা নাছিল। এনে পৰিস্থিতিত শনিবাৰে এন টি এৰ কাউন্সেলিং স্থগিত ৰখাৰ সিদ্ধান্ত ‘উল্লেখযোগ্য’ বুলি বিবেচিত হৈছে।