কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ বাজেট দাখিল কৰিবলৈ সাজু হৈছে । অহা ২৩ জুলাইত সংসদত উত্থাপন কৰা হ’ব বাজেট। তাৰ এদিন আগতে সংসদৰ অধিবেশন আৰম্ভ হ’ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে এই কথা ঘোষণা কৰে। নৰেন্দ্ৰ মোদী চৰকাৰ তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ বাজেট দাখিল কৰিব নির্মলা সীতাৰমণে।
ৰিজিজুৱে শনিবাৰে ছচিয়েল মিডিয়াত এটা পোষ্টত উল্লেখ কৰে যে ২২ জুলাইৰ পৰা সংসদত বাজেট অধিৱেশন আৰম্ভ হ’ব । ১২ আগষ্টলৈকে চলিব সংসদৰ বাজেট অধিৱেশন । কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশন আহ্বান কৰাৰ পৰামৰ্শক ৰাষ্ট্ৰপতিয়ে অনুমতি প্ৰদান কৰিছে।
চলিত বৰ্ষত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। সেইবাবেই যোৱা ১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰা হৈছিল অন্তৱৰ্তীকালীন বাজেট। ইয়াৰ পিছত তৃতীয়বাৰৰ বাবে লোকসভা নিৰ্বাচনত জয়ী হৈ মোদী চৰকাৰ ক্ষমতালৈ আহে। মোদী চৰকাৰৰ তৃতীয় পৰ্যায়ত প্ৰথমখন সম্পূৰ্ণ বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে । এয়া হ’ব তেওঁ একেৰাহে দাখিল কৰা সপ্তম বাজেট । ইয়াৰ পূৰ্বে বিশ্বৰ কোনো বিত্তমন্ত্ৰীয়ে এই কৃতিত্ব অৰ্জন কৰিব পৰা নাছিল। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল প্ৰাক্তন বৈদেশিক মন্ত্ৰী মোৰাৰজী দেশাইৰ। নিৰ্মলা সীতাৰমণে দেশাইৰ অভিলেখ ভংগ কৰিলে।