অসম চৰকাৰৰ অধীনত অচিৰেই বিভিন্ন পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব ৷ এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা অনুসৰি চলিত বৰ্ষৰে ১৫, ২২, ২৯ ছেপ্তেম্বৰত অনুষ্ঠিত হব তৃতীয় বৰ্গৰ পৰীক্ষা। আৰু চলিত বৰ্ষৰে ২০ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা।
অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত হব এই পৰীক্ষাসমূহ। ইফালে আৰক্ষীৰ শাৰীৰিক পৰীক্ষা অহা ৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীত ৬,৪৩৪টা পদৰ বাবে নিযুক্তি দিব চৰকাৰে। উল্লেখ্য যে তৃতীয় বৰ্গৰ পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত হব। প্ৰাৰম্ভিক, মূল আৰু সাক্ষাতকাৰ পৰ্ব ৷ তৃতীয় বর্গৰ পদৰ সংখ্যা ৭,৫০০ ৷চতুর্থ বর্গৰ পদৰ সংখ্যা হৈছে ৪৫০০ তকৈয়ো অধিক ৷ তদুপৰি প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ৰ ১৩ হেজাৰতকৈ অধিক পদৰ বাবে শীঘ্ৰে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ৷
ডঃ শর্মাই কয় –“আমাৰ যুৱক-যুৱতীসকলৰ বাবে আমি বিভিন্ন বিভাগত ৩৫,০০০ নতুন পদৰ এটি নিয়োগ অভিযান আৰম্ভ কৰিবলৈ ওলাইছোঁ৷ যিসমূহৰ নিয়োগ প্ৰক্ৰিয়া অহা বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ ১ লাখ নিযুক্তিৰ পাছত এয়া আমাৰ অন্যতম বৃহৎ পদক্ষেপ ৷ ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ মুখত হাঁহি বিৰিঙোৱাতো আমাৰ অন্যতম বৃহৎ লক্ষ্য ৷”