পোহনীয়া জন্তুটোক কি কি খুৱাব পাৰি আৰু কি দিব নোৱাৰি সেই বিষয়ে গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। পোহনীয়া জন্তুৰ খাদ্যৰ প্ৰতি সাৱধান নহ’লে বিপদত পৰিবলগীয়া হ’ব পাৰে। কিন্তু পোহনীয়া জন্তুক ফল-মূল খুৱাব পাৰি নে নাই সেই কথা বহুতে বুজি নাপায়। নতুবা পোহনীয়া জন্তুটোৱে কি ফল খালে কোনো সমস্যা নহ’ব সেই বিষয়ে অৱগত নহয় । ফল-মূল সকলোৰে বাবে স্বাস্থ্যকৰ। জানো আহক কোনবোৰ ফল আপোনাৰ পোহনীয় কুকুৰটোৰ বাবে উপযোগী ৷
আম
এতিয়া আমৰ বতৰ । পোহনীয়া জন্তুকো খুৱাব লাগে। কিন্তু আপোনাৰ পোহনীয়া জন্তুটোক দিয়াৰ আগতে আমটোৰ বাকলি পেলাই ল’ব। বাকলিৰ সৈতে খাবলৈ দিলে পোহনীয়া জন্তুৰ ছালত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।
কল
পোহনীয়া জন্তুকো কল খুৱাব পাৰে। কলত পটাছিয়াম থাকে। যদি আপুনি আপোনাৰ পোহনীয়া জন্তুৰ শৰীৰত পটাছিয়ামৰ অভাৱ নিবিচাৰে তেন্তে কল খুৱাব পাৰে। কিন্তু কলৰ বাকলিও পেলাবলৈ নাপাহৰিব । অন্যথা পোহনীয়া জন্তুৰ পেটৰ বিষ হ’ব পাৰে।
আপেল
আপেল ভিটামিনৰ প্ৰচুৰ উৎস। ইয়াৰ উপৰিও আপেলত মেলিক এচিড থাকে, যাৰ ফলত পোহনীয়া জন্তুৰ দাঁত আৰু হাঁড় মজবুত হ’ব। কিন্তু আপেলৰ গুটি যাতে পোহনীয়া জন্তুটোৰ পেটলৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। বীজত চাইনাইড থাকে, যিটো পোহনীয়া জন্তুৰ বাবে যিমান ক্ষতিকাৰক, মানুহৰ বাবেও সিমানেই ক্ষতিকাৰক।