ৰাজ্যিক প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ অৱসৰী উপ-সঞ্চালক, কামৰূপ অনুসন্ধান সমিতিৰ সভাপতি, প্ৰসিদ্ধ ইতিহাসবিদ, সু-লেখক ৯০ বৰ্ষীয় ড০ নিশিপদ দেৱ চৌধুৰীক আজি তেওঁৰ নিজ বাসগৃহ মহানগৰীৰ বেলতলাৰ সৌৰভ নগৰত প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত অংশ লৈ প্ৰথিতযশা বুৰঞ্জীবিদ ড০ দেৱ চৌধুৰীয়ে কয়- “পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনাই মোক কিঞ্চিৎ হ’লেও প্ৰেৰণ যোগালে । বুৰঞ্জী অধ্যয়ন সকলোৰে বাবে অত্যাৱশ্যকীয় । কৈশোৰৰ পৰা ছাত্ৰ-ছাত্ৰীক বুৰঞ্জী শিকাব লাগে ।” সভাত বক্তব্য দাঙি ধৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, “সাহিত্য কোঁৱৰ” কমল কলিতাই কয়- “প্ৰাচীন ভাৰতীয় ইতিহাসৰ দিগগজ চিন্তক ড০ নিশিপদ দেৱ চৌধুৰী । অসমৰ খ্যাতনামা বুৰঞ্জীবিদ সকলোৰে মাজত তেখেতৰ নাম আছে । তেওঁ কিন্তু উপেক্ষিত।” অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তথা বিশিষ্ট কবি নিশুতি মজুমদাৰে কয়- “অসমৰ লগতে ভাৰতৰ বুৰঞ্জী নখদৰ্পণত ৰাখিছে ড০ নিশিপদ দেৱ চৌধুৰীয়ে ।লিখিছে তথ্য সহকাৰে অনেক কথা । প্ৰাক্ পুৰাতত্বৰ বহু নজনা কথা তেওঁৰ ৰচনাত উপলব্ধ। ” ডায়েট, দুধনৈৰ অৱসৰী প্ৰবক্তা, লেখিকা ড০ সুষমা মজুমদাৰে কয়- ইতিহাসবিদ ড০ নিশিপদ দেৱ চৌধুৰীৰ বিশাল অধ্যয়ন আৰু ৰচনাৰাজিত তেওঁৰ চিন্তাৰ গভীৰতাৰ উমান পায় ।” সাংবাদিক তথা লেখক দীপক শৰ্মাই কয়- “এটা জাতিক সঠিক ধৰণে আগুৱাই নিয়াত বুৰঞ্জী অধ্যয়নৰ অতীৱ প্ৰযোজন । চৰকাৰে এই ক্ষেত্ৰত সঠিক ভূমিকা ল’ব লাগে । পুৰাতত্ববিদ, বুৰঞ্জীবিদ ড০ নিশিপদ দেৱ চৌধুৰীক চৰকাৰে যথোপযুক্ত যথোপযুক্ত ধৰণেৰে সন্মান কৰিব লাগে।” অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুণু চৌধুৰীও উপস্থিত আছিল ।