কামৰূপ জিলাৰ বঙৰা অঞ্চলৰ সৰবৰহী ব্যক্তি, আঞ্চলিকতাবাদী ভাৱধাৰাৰে উদ্ধুদ্ধ শ্ৰীকান্ত চৌধুৰীৰ কালি এক শোকাৱহ পথ দুৰ্ঘটনাত বিয়োগ ঘটে । তেওঁৰ বিয়োগত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি কয়- “এজন দক্ষিণ কামৰূপৰ সুষ্ঠ চিন্তাৰ যুৱনেতাক অকালতে হেৰুৱালোঁ । বৃহত্তৰ অঞ্চলটোৰ নেতৃস্থানীয় ব্যক্তি আছিল চৌধুৰী । সাহিত্য-কলা-সংস্কৃতি অনুষ্ঠানবোৰৰ স’তে নিবিড় সম্পৰ্ক বজাই ৰাখিছিল ।”
তেওঁৰ বিয়োগত অৱসৰী অধ্যক্ষ নাৰায়ণ কুমাৰ দাস, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি তথা অৱসৰী প্ৰধান শিক্ষক গৌৰীকান্ত নাথ, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ আহ্বায়ক শিৰষ দাস, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি হেমন্ত কুমাৰ চৌধুৰী, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং” আদি দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে ।