আজি মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত দেশৰ ধনাঢ্য ব্যক্তি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। ইতিমধ্যে হালধি আৰু মেহেন্দি অনুষ্ঠান সম্পূৰ্ণ হৈছে। বিবাহ অনুষ্ঠানত বলীউডৰ কেইবাগৰাকীও তাৰকা উপস্থিত থাকিব । জাহ্নৱী কাপুৰৰ পৰা আৰম্ভ কৰি চাৰা আলী খান, ৰণবীৰ সিঙৰ পৰা আৰম্ভ কৰি ছলমান খানলৈকে বহু লোক এই অনুষ্ঠানত উপস্থিত আছিল। আৰু সংগীত অনুষ্ঠানত অভিনেতা শ্বাহৰুখ খানৰ বাহিৰে প্ৰায় সকলো বলীউডৰ প্ৰথম শাৰীৰ তাৰকা উপস্থিত আছিল। কনচাৰ্টত উপস্থিত আছিল পপ তাৰকা জাষ্টিন বিবাৰ।
বিবাহ অনুষ্ঠানত হলিউডৰ তাৰকা কিম কাৰ্দাছিয়ান আৰু তেওঁৰ ভগ্নী ক্ল’ কাৰ্দাছিয়ান, ভাৰতীয় মূলৰ ব্ৰিটিছ ‘লাইফ কোচ’ জয় শ্বেট্টীৰ দৰে তাৰকা উপস্থিত থাকিব। ইতিমধ্যে কিম আহি মুম্বাইত উপস্থিত হৈছে ৷ ইয়াৰ উপৰিও মুকেশ আম্বানীৰ পুত্ৰৰ বিয়া উপলক্ষে দেশ-বিদেশৰ ৰাজনীতিবিদসকলো উপস্থিত থাকিব। সেই তালিকাত আছে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছন আৰু টনি ব্লেয়াৰ, ছুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কাৰ্ল বিল্ড, কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ষ্টিফেন হাৰ্পাৰ। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুকে ধৰি সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব ৷ইয়াৰ উপৰিও বিবাহ অনুষ্ঠানত বলীউডৰ তাৰকাসকলৰ উপস্থিতিও দেখা যাব। এই অনুষ্ঠানৰ বাবে অতিথিসকলক পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানতো উপস্থিত আছিল হলিউড, বলীউড আৰু দক্ষিণৰ চিনেমা জগতখনে। অমিতাভ বচ্চন, শ্বাহৰুখ খান, ৰজনীকান্তৰ দৰে অভিনেতাই পৰিয়ালৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। কৰীনা কাপুৰ-ছৈফ আলী খান, ৰণবীৰ সিং-দীপিকা পাডুকনৰ পৰা আৰম্ভ কৰি আলিয়া ভাট-ৰনবীৰ কাপুৰ, অজয় দেৱগন-কাজল, বিকি কৌশল-কেটৰিনা কাইফ, বৰুণ ধৱন-সিদ্ধাৰ্থ মালহোত্ৰা, শ্ৰদ্ধা কাপুৰলৈকে তাৰকা উপস্থিত আছিল ! কেৱল অভিনেতাসকলেই নহয়, মাইক্ৰ’ছফ্টৰ মুৰব্বী বিল গেটছ, মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ, ব্লেকৰকৰ চিইঅ’ লেৰী ফিংক, ডিজনীৰ চিইঅ’ বব ইগাৰ, এড’বৰ চিইঅ’ শান্তনু নাৰায়ণ, ড’নাল্ড ট্ৰাম্পৰ কন্যা ইভাংকা ট্ৰাম্প, ‘বেংক অৱ আমেৰিকা’ৰ অধ্যক্ষ ব্রায়ান থমাছ ময়নিহানকে ধৰি উপস্থিত আছিল বহু বিশিষ্ট ব্যক্তি ৷ বিবাহৰ মুঠ ব্যয় ধার্য কৰা হৈছে ৩২০ মিলিয়ন ডলাৰ ৷ বিবাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো উপস্থিত থকাৰ সম্ভাৱনা আছে ৷