বহু শিশুৰ জন্মৰ পিছত জণ্ডিচৰ লক্ষণ দেখা দিয়ে। নৱজাতকৰ জণ্ডিচ ৰোগ ধৰা পৰিলে পিতৃ-মাতৃ আতংকিত হৈ পৰে । শিশু চিকিৎসকৰ মতে নৱজাতকৰ শৰীৰত বিলিৰুবিনৰ মাত্ৰা বেছি হ’লে জণ্ডিচৰ লক্ষণ দেখা দিয়ে। কেঁচুৱাটোৰ শৰীৰ আৰু চকু হালধীয়া হৈ পৰে। অংগবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে। এই সময়ছোৱাত চিকিৎসকে শিশুটিক নীলা পোহৰৰ তলত ৰাখে ৷
নৱজাতকৰ জণ্ডিচ ৰোগ বহু কাৰণত হোৱা দেখা যায়। চিকিৎসকৰ মতে, যেতিয়ালৈকে শিশুটি মাতৃৰ গৰ্ভত থাকে তেতিয়ালৈকে ই মাতৃৰ ধমনীসমূহৰ পৰা অক্সিজেন লাভ কৰে। ৰক্তকণিকাবোৰে মাতৃৰ শৰীৰৰ পৰা ভ্ৰুণলৈ অক্সিজেন কঢ়িয়াই লৈ যায়। শিশুটি জন্ম হোৱাৰ পিছত নিজৰ হাওঁফাওঁৱে কাম কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত অতিৰিক্ত ৰক্তকণিকাবোৰ ভাঙিবলৈ আৰম্ভ কৰে। যেতিয়া ৰক্তকণিকাবোৰ ভাঙি যায় তেতিয়া ইহঁতে বিলিৰুবিন নামৰ হালধীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ এটা নিৰ্গত কৰে। বিলিৰুবিনৰ মাত্ৰা বেছি হ’লে ইয়াক জণ্ডিচ বুলি কোৱা হয়। ৰক্তকণিকা ভাঙি পেলোৱা বিলিৰুবিন যকৃতলৈ যায়। যকৃতে অতিৰিক্ত বিলিৰুবিন ফিল্টাৰ কৰি বাকীখিনি গোটেই শৰীৰত চলাচল কৰিবলৈ এৰি দিয়ে। কিন্তু নৱজাত শিশুৰ যকৃত পৰিপক্ক নহয়। গতিকে অতিৰিক্ত বিলিৰুবিন ফিল্টাৰ কৰি উলিয়াব নোৱাৰে। তাৰ পিছত শিশুটিত জণ্ডিচৰ লক্ষণ দেখা দিয়ে। অকালতে জন্ম লোৱা শিশুৰ জণ্ডিচ হোৱাৰ সম্ভাৱনা বেছি। মাক আৰু সন্তানৰ তেজৰ গ্ৰুপ বেলেগ হ’লেও এনে হ’ব পাৰে।
শিশুৰ শৰীৰত কি কি লক্ষণ দেখা যাব?
১)শিশুৰ ছাল, চকু হালধীয়া হৈ পৰিব।
২)বিলিৰুবিনৰ মাত্ৰা সাধাৰণতে জন্মৰ ৩ৰ পৰা ৭ দিনৰ ভিতৰত সৰ্বাধিক হয়, যেতিয়া এই সমস্যা আটাইতকৈ বেছি লক্ষ্যণীয় হয়।
৩) শিশুটিৰ ছালৰ যিকোনো অংশত যদি লাহে লাহে হেঁচা মাৰি ধৰে, যদি সেই ঠাইত হালধীয়া ৰঙৰ চিন থাকে, তেন্তে বুজিব লাগে যে শিশুটি জণ্ডিচ ৰোগত আক্ৰান্ত।
৪) হাতৰ তলুৱা, ভৰিতো হালধীয়া ৰঙৰ দাগ থাকিব।
৫)শিশুৰ প্ৰস্ৰাৱৰ ৰং পৰ্যবেক্ষণ কৰিব লাগে। যদি ইয়াৰ ৰং গাঢ় হালধীয়া হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
চিকিৎসকে কয় যে প্ৰসৱৰ পিছত সোনকালে জণ্ডিচ ধৰা পৰিলে চিকিৎসকে সোনকালে চিকিৎসা আৰম্ভ কৰে। কিন্তু ঘৰলৈ উভতি অহাৰ পিছত যদি ৰোগৰ লক্ষণ ধৰা পৰে তেন্তে অভিভাৱকসকলে প্ৰায়ে বুজি নাপায়। তাৰ পিছত চিকিৎসা পলম হয়। জন্মৰ সাতদিন পিছত জণ্ডিচ ধৰা পৰিলে বিশেষ ভয় নাথাকে। কিন্তু বহু দেৰি হ’লেহে শিশুৰ মগজুত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। শৰীৰৰ ভিতৰত ৰক্তক্ষৰণ আৰম্ভ হয়। তেতিয়া ভয়ৰ কাৰণ হৈ পৰে।