ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আন এক দুঃসংবাদ। ইহসংসাৰ ত্যাগ কৰি পৰলোকলৈ গমন কৰিলে মঞ্চ আৰু বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী জুনু বৰুৱাই ৷ বাৰ্ধক্যজনিত কাৰণত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ পূৰ্বলৈকে বান থিয়েটাৰৰ উপ-সভাপতি পদত অধিস্থিত আছিল জুনু বৰুৱা ৷ তেজপুৰ ঊষানগৰ নিবাসী জুনু বৰুৱাৰ মৃত্যুত সমগ্ৰ তেজপুৰৰ লগতে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত অভিনেত্ৰী গৰাকীৰ বয়স আছিল ৭৬ বছৰ ৷
অসমীয়া কথাছবি ‘ডাক্তৰ বেজবৰুৱা’, ‘দূৰণিৰ ৰং’কে ধৰি ১৫ খনৰো অধিক ছবিত অভিনয় কৰিছিল তেওঁ ৷ জুনু বৰুৱাই বহুকেইখন নাটক আৰু দূৰদৰ্শনৰ ধাৰাবাহিকতো অভিনয় কৰিছিল ৷
১৯৬৯ চনত মুক্তি লাভ কৰিছিল ডাক্তৰ বেজবৰুৱা ছবিখনে। অসমীয়া ছবিজগত অন্যতম জনপ্ৰিয় ছবিৰূপে পৰিগণিত হৈছিল এই ছবিখন ৷ আনহাতে জুনু বৰুৱাই অভিনয় কৰা দূৰণিৰ ৰং নামৰ ছবিখনে ১৯৭৯ চনত মুক্তি লাভ কৰিছিল ৷