অহা ১৪ আৰু ১৫ চেপ্টেম্বৰত দুদিনীয়াকৈ গুৱাহাটীৰ জ্যোতি চিত্ৰবন চৌহদত অনুষ্ঠিত হ’ব অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । বিগত সাতোটা সংস্কৰণৰ সৈতে সংগতি ৰাখি এইবাৰো মহোৎসৱত চুটি ছবিৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । অৱশ্যে এই শাখাত যোগদান কৰিব বিচৰাসকলৰ বাবে মহোৎসৱ কৰ্তৃপক্ষই মূল বিষয় নিৰ্ধাৰণ কৰি দিছে । চুটি ছবিৰ বাবে মূল বিষয়টো হৈছে ‘আমাৰ ঐতিহ্য আমাৰ গৌৰৱ’ । তদুপৰি মহোৎসৱ কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া চুটি ছবিৰ উপ-বিষয়সমূহৰ ভিতৰত আছে শিল্প, নাৰী, ঐতিহ্য, সংগীত আৰু সংগীতজ্ঞ, সমাজ সচেতনতা, চিত্ৰকলা, পেইণ্টিং, পুথিচিত্ৰ, কীৰ্তিচিহ্ন আদি । মূলতঃ উত্তৰ পূৰ্বাঞ্চলৰ চিত্ৰ নিৰ্মাতাসকলৰ বাবে এই প্ৰতিযোগিতা মুকলি থাকিব যদিও ৰাষ্ট্ৰীয় স্তৰতো শ্ৰেষ্ঠ ছবিৰ বঁটা প্ৰদান কৰা হ’ব । চুটি ছবিৰ এই প্ৰতিযোগিতাত সৰ্বমুঠ ১০ টা পুৰস্কাৰ আগবঢ়োৱা হ’ব । ম’বাইল ফোনৰ কেমেৰাৰে দৃশ্যগ্ৰহণ কৰি নিৰ্মাণ কৰা চুটি ছবি তথা ৰীলো এই প্ৰতিযোগিতাৰ বাবে গ্ৰহণ কৰা হ’ব । প্ৰতিযোগিতাত যোগদানৰ অন্তিম তাৰিখ হৈছে ১৫ আগষ্ট । এই প্ৰতিযোগিতাত যোগদানৰ বাবে ইচ্ছুকসকলে প্ৰতিযোগিতাৰ সবিশেষ চলচ্চিত্ৰমৰ আনুষ্ঠানিক ৱেবচাইট chalachitram.inত লাভ কৰিব পাৰিব । এই চলচ্চিত্ৰ মহোৎসৱত চুটি ছবি প্ৰতিযোগিতালৈ নিৰ্বাচিত ছবিসমূহৰ লগতে দুখনকৈ পূৰ্ণদৈৰ্ঘৰ ছবি আৰু কিছুসংখ্যক উচ্চমানৰ চুটি ছবি দৰ্শকে উপভোগ কৰিবলৈ পাব । আন কেইবছৰতকৈ কিছু নতুনত্বৰে ভৰপূৰ হ’ব এইবাৰৰ মহোৎসৱ । কেইটামান নতুন শিতান তথা বিষয় এইবাৰৰ মহোৎসৱত সংযোগ কৰা হৈছে । এই দুদিনীয়া মহোৎসৱৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চলচ্চিত্ৰ বিষয়ক কুইজ, মাষ্টাৰক্লাছ, আলোচনা চক্ৰ, চলচ্চিত্ৰ নিৰ্মাণ বিষয়ক কৰ্মশালা আদিৰো আয়োজন কৰা হৈছে । তদুপৰি অসমীয়া ছবিৰ গীতৰ নৃত্যৰো এক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব এই মহোৎসৱত । চুটি ছবিৰ প্ৰতিযোগিতালৈ ছবি প্ৰেৰণ কৰিব বিচৰাসকলৰ বাবে সবিশেষ তথ্য চলচ্চিত্ৰমৰ আনুষ্ঠানিক ৱেবচাইটতেই দিয়া হৈছে । মুক্তিৰ অপেক্ষাত থকা ছবি, চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ, আলোচনী আদিৰো প্ৰচাৰৰ ব্যৱস্থা থাকিব এই মহোৎসৱত । এই সুবিধা ল’ব বিচৰাসকলে চলচ্চিত্ৰমৰ উপ-সভাপতি প্ৰবাল খাউণ্ডৰ সৈতে ৬০০২৬৯৯৭৩৩ নম্বৰত যোগাযোগ কৰিব পাৰিব । যোৱাবাৰৰ দৰে এইবাৰো মহোৎসৱৰ দৰ্শকৰ বাবে এক সামান্য মূল্যত পঞ্জীয়নৰ ব্যৱস্থা থাকিব । ছাত্ৰ-ছাত্ৰীসকলৰ।বাবে অৱশ্যে পঞ্জীয়নৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়াৰো ব্যৱস্থা ৰখা হৈছে ।