বাৰিষা মানেই বৰষুণ। এনে বৰষুণৰ দিনত বাহিৰলৈ ওলাই যাওঁতে যদি মোবাইলটো তিতি যায় তেন্তে কি কৰিব? ফোনটো তিতিলে বেয়া হোৱাৰ সম্ভাৱনা থাকে । গতিকে, তিতিলেও ফোনটোৰ তৎক্ষণাত যত্ন লোৱাটো জৰুৰী ৷ নহ’লে ভিতৰৰ পৰা ক্ষতিগ্ৰস্ত হ’ব পাৰে। ফোনটো বৰষুণৰ পানীত তিতিলে কি কৰিব?
১) লগে লগে ফোনটো বন্ধ কৰি দিব। ইয়াৰ দ্বাৰা প্ৰথম অৱস্থাত ফোন নষ্ট হোৱাৰ আশংকা হ্ৰাস পাব। ইয়াৰ পিছত কি কৰিব লাগে লাহে লাহে সিদ্ধান্ত লওক।
২) ফোনটো চুইচ অফ কৰাৰ পিছত চিম কাৰ্ডখন আঁতৰাই দিব। সকলো ফোনতে বেটাৰী আঁতৰোৱাৰ বিকল্প নাই। যদি এনেকুৱা সুযোগ আছে, তেন্তে নিশ্চিতভাৱে মোবাইলৰ বেটাৰীটো খুলি দিয়ক ৷
৩) ভিজা ফোনত লগে লগে চাৰ্জ নকৰিব। সম্পূৰ্ণ শুকান হ’লেহে ফোনটো চাৰ্জ কৰক। চাৰ্জ সম্পূৰ্ণ শেষ হ’লেও ফোনটো কেতিয়াও চাৰ্জ নকৰিব।
৪) ফোনত পানী সোমালে বহুতে অলপ নাৰ্ভাছ হৈ পৰে। ফোনটো বেয়া হৈ যোৱাৰ ভয়টো মনত সোমাই থাকে। কিন্তু বিপদৰ সময়ত মূৰটো শীতল কৰি ৰাখিব লাগে। ফোনটো চাউলৰ তলত অলপ সময় থৈ দিলেও ঠিক হোৱাৰ সম্ভাৱনা থাকে ৷