জ্যোতিষশাস্ত্ৰৰ গ্ৰহৰ লগত যিসম্পর্ক আছে , সেই একেই সম্পৰ্ক আছে বাস্তুশাস্ত্ৰৰো । নটা গ্ৰহৰ সৈতে বাস্তু বা ঘৰৰ প্ৰতিটো দিশৰ আৰু প্ৰতিটো বস্তুৰ সম্পর্ক আছে ৷
বাস্তু শাস্ত্ৰত ৰাহুৰ অতি গুৰুত্ব আছে। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ দক্ষিণ-পশ্চিম দিশত ৰাহুৰ স্থান। ঘৰৰ দক্ষিণ-পশ্চিম দিশত অৰ্থাৎ ৰাহুৰ ঠাইত গধুৰ নিৰ্মাণ কৰিব লাগে। ঘৰৰ দক্ষিণ-পশ্চিম ফালটো ষ্ট’ৰেজ ৰুম, অপ্ৰয়োজনীয় ভঙা বস্তু মজুত, সজ্জা, চিৰি আদিৰ বাবে উপযোগী।
বাস্তুৰ মতে দক্ষিণ-পশ্চিম দিশত গৃহ সম্প্ৰসাৰণ কৰিব নালাগে। ঘৰৰ মূল দুৱাৰখন ঘৰৰ দক্ষিণ-পশ্চিম (ৰাহু) ফালে ৰখাটোও ভাল নহয়। মূল দুৱাৰখন ৰাহুৰ ঠাইত থাকিলে ঘৰৰ সদস্যসকলে এলাহ, উদ্বেগ, আৰ্থিক সমস্যা আৰু মুখ, কাণ, ওঁঠ, অন্ত্ৰ, গুহ্যদ্বাৰৰ বিভিন্ন ৰোগ আৰু কেন্সাৰ আদি জটিল ৰোগৰ আশংকাত ভুগিব। বিশেষকৈ ঘৰখনৰ বৃদ্ধ পুৰুষ সদস্যসকলে সমস্যাৰ সন্মুখীন হয়।
ৰাহুৰ জন্ম সূচীত যদি ৰবি, চন্দ্ৰ, মংগল বা বৃহস্পতিৰ মাজত কোনো সম্পৰ্ক আছে, তেন্তে ঘৰৰ দক্ষিণ-পশ্চিম দিশত কিছু সমস্যা আছে। তেনে ক্ষেত্ৰত বাস্তু আৰু জ্যোতিষৰ জ্ঞান থকা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ অতি প্ৰয়োজনীয়।