চৰ্দি আৰু ডিঙিৰ বিষৰ বাবে লং ঘৰুৱা ঔষধ। ডিঙিৰ মৃদু বিষ হ’লে গৰম পানীত লং দি গাৰ্গল কৰিলে সকাহ পাব। দাঁতৰ বিষ হওক বা শুকান কাহ, লঙে উপশম দিব পাৰে। ৰন্ধা-বঢ়াতো লং ব্যৱহাৰ কৰা হয়। বিৰিয়ানী হওক বা মাংসৰ ব্যঞ্জন হওক – লং যোগ কৰিলে সোৱাদ সলনি হয়। লঙৰ বহু উপকাৰ আছে । কেবল খোৱা বোৱাৰ ক্ষেত্ৰতে নহয়, সৌন্দৰ্য্য চর্চাতো আছে ইয়াৰ গুৰুত্ব।
ব্ৰণৰ পৰা মুক্তি পাবলৈ লং তেল ব্যৱহাৰ কৰিব পাৰে। এই তেলত এন্টিচেপ্টিক গুণ আছে, যিয়ে গুৰিৰ পৰা ব্ৰণ ভাল কৰে। ব্ৰণ ভাল হ’লেও দাগবোৰ থাকে। লং তেলে ব্ৰণৰ দাগ ম্লান কৰে। শুকান ছালৰ বাবে লং তেল অতি উপযোগী । শুকান ছালত অতিৰিক্ত যত্নৰ প্ৰয়োজন। তেনে ক্ষেত্ৰত ব্যৱসায়িকভাৱে উপলব্ধ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে লং তেল ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ছালত কোনো পাৰ্শ্বক্ৰিয়া নাই।
১)দিনত যেতিয়াই যিকোনো মইশ্ব’ৰাইজাৰ বা যিকোনো ক্ৰীম লগাব তেতিয়াই তাৰ লগত লং তেল ২-৩ টোপাল মিহলাই লওক। ইয়াৰ পিছত মুখত লগাব। দৈনিক এই অভ্যাস বজাই ৰাখক।
২) নাৰিকল তেল ছালৰ যত্নত অতি উপকাৰী। ব্ৰণ থকা ঠাইত ১০-১২ টোপাল নাৰিকল তেল ৩-৪ টোপাল লং তেল মিহলাই লগাব লাগে। ৰাতিটো লগোৱাৰ পাছত ধুই পেলাব। ইয়াৰ বাহিৰেও নাৰিকল তেল মিহলাই কেইটোপালমান লং তেল গোটেই মুখত লগাব পাৰে। তেনে অৱস্থাত বিশ মিনিট ৰাখি পানীৰে ধুই পেলাওক। যদি আপুনি অলিভ অইল বা জজোবা অইল ব্যৱহাৰ কৰাত অভ্যস্ত তেন্তে ইয়াৰ লগত লং তেল মিহলাই লব পাৰে। ঘৰুৱা পেকৰ লগতে লং তেল প্ৰয়োগ কৰিব পাৰি। যি পেক ব্যৱহাৰ কৰক, তাত লং তেল কেইটোপালমান দি ছালত লগাওক। ব্ৰণৰ সমস্যা কমি যাব।
৩) বহুতে ছালৰ সুস্বাস্থ্য ঘূৰাই আনিবলৈ ভিটামিন ই কেপচুল ব্যৱহাৰ কৰে। তেনে ক্ষেত্ৰত ভিটামিন ই কেপচুল এটা কাটি তাৰ লগত লং তেল ২-৩ টোপাল মিহলাই ছালত লগাব লাগে। ই ছালখন কোমল কৰি তুলিব।