গুৱাহাটী, ১৬ জুলাই : সোমবাৰে সন্ধিয়া ৬ বজাত কলকাতা অসম ভৱন, চল্টলেক, চেক্টৰ ৩ ৰ সভা গৃহত অসম সাহিত্য সভা কলকাতা শাখা সাহিত্য সভা গঠন আৰু এই নৱ গঠিত শাখা সাহিত্য সভাৰ আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ প্ৰদান উপলক্ষ্যে এখনি সভা অনুষ্ঠিত হয় । অনুষ্ঠানত ২৫ গৰাকী নতুন আজীৱন সদস্যক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
অসম এ এছ এল ক্লাবে উদ্যোগ লোৱা এই অনুষ্ঠানত সভাপতিত্ব কৰে ৰেখা চলিহাই। সভাত অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাই বিশিষ্ট অতিথি হিচাপে অংশ লৈ কলকাতাত গঠন হোৱা এই নতুন শাখা সাহিত্য সভাই ভৱিষ্যতে কৰিবলগীয়া কাৰ্য প্ৰণালীৰ বিষয়ে কিছু বক্তব্য ৰাখে।
অনুষ্ঠানৰ আৰম্ভণিতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আলোকচিত্ৰৰ তলত স্থাপন কৰা লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোঁহাই বৰুৱাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান আৰু বন্তি প্ৰজ্বলন কৰে ড০ হাজৰিকাই। বৰগীত পৰিবেশন কৰে কস্তুৰী শৰ্মা গোস্বামীয়ে। অনুষ্ঠানত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যলয়ৰ সম্পাদক প্ৰফুল্ল বৰ্মণ, প্ৰাক্তন সহকাৰী সম্পাদক তথা ‘সাহিত্য কোঁৱৰ’ কমল কলিতা, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতিৰ আহ্বায়ক তথা বিশিষ্ট সংগীত পৰিচালক অবনী ৰঞ্জন পাঠক, দুৰ্গেশ্বৰ পাঠক, উপেন গোস্বামী, অনিল ডেকা আদি কেইবাগৰাকীয়েও বক্তব্য ৰাখে ।
অসম এছ এল ক্লাব তথা অসম সাহিত্য সভাৰ নৱ গঠিত কলকাতা শাখা সাহিত্য সভাৰ সদস্যসকলে কলকাতা নিবাসী আজীৱন সদস্যৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰা সদস্য জীৱন ৰয়, ৰঞ্জিতা বিশ্বাস, প্ৰকাশ আচাৰ্য, ৰীণা আচাৰ্য, ৰেণুকানন্দ হাজৰিকা, কমল দুৱৰা, পাঞ্চালী দুৱৰা, মামণি গোস্বামী, পাৰ্থ প্ৰতীম বৰঠাকুৰ, মণিষা বৰঠাকুৰ, কস্তুৰী বৰঠাকুৰ, নিলাক্ষী কলিতা, মালবিকা বৰুৱা, পিকু সাহা, চৈয়দ হাচমত জালান, দিলীপ কৰ্মকাৰ, চৈকত পত্ৰ নবীস, সপ্তৰ্ষি বৰ্ধন, বাসুদেৱ, কস্তুৰী শৰ্মা গোস্বামীয়েও এষাৰকৈ কয় ।