ডেংগু জ্বৰ আৰু সাধাৰণ জ্বৰৰ মাজত বিশেষ পার্থক্য নাই ৷ ঋতুভিত্তিক জ্বৰ নে ডেংগু শৰীৰত থিতাপি লৈছে সেয়া কেতিয়াবা বুজাত যথেষ্ট দেৰি হয় । যাৰ ফলত ৰোগীজনৰ গুৰুতৰ জটিলতা হোৱাৰ আশংকা প্ৰায়ে দেখা যায়। ডেংগু আৰু ভাইৰেল জ্বৰৰ মাজত কিছু পাৰ্থক্য আছে। অলপ সচেতন হ’লে জ্বৰ দুটাৰ মাজত পাৰ্থক্য চিনাক্ত কৰা বৰ কঠিন নহয়। ডেংগুৰ ফলত সমগ্ৰ শৰীৰত বিভিন্ন গাঁঠিৰে তীব্ৰ বিষ হয়। ছালৰ বিভিন্ন অংশ ৰঙা হৈ প্ৰদাহ হ’ব পাৰে। ভাইৰাছজনিত জ্বৰত চৰ্দি, ডিঙিৰ বিষ, শৰীৰৰ সামান্য বিষ, দুৰ্বলতা আদি লক্ষণ দেখা দিব পাৰে। কিন্তু ডেংগু ৰোগীৰ জ্বৰৰ তীব্ৰতা বহু বেছি। লগতে গাঁঠিৰ বিষো আৰম্ভ হয়।
ডেংগুৰ লক্ষণসমূহ কি কি?
১) জ্বৰ, মূৰৰ বিষ, হাত-ভৰিৰ লগতে গোটেই শৰীৰৰ বিষ। চকুৰ পিছফালে বিষ আৰম্ভ হয়।
২) বমি আৰু অৰুচি। নিতম্বত বিষ অনুভৱ।
৩)শৰীৰত ফোহা, খজুৱতি, ডায়েৰিয়া।
৪) দাঁতৰ মাৰি, নাক বা মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ আৰম্ভ হয়।
৫) ডিঙিৰ বিষ, গিলিবলৈ অসুবিধা।
চিকিৎসকৰ মতে ডেংগুৰ অন্যতম মাৰাত্মক দিশ হ’ল ‘মেক্ৰ’ফেজ এক্টিভেচন চিণ্ড্ৰম’। ই যকৃতৰ এনজাইমৰ নিঃসৰণ বহু পৰিমাণে বৃদ্ধি কৰে। আকৌ এল ডি এইচ, ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰাও বৃদ্ধি পায়। একেদৰে তেজত ফেৰিটিনৰ মাত্ৰা অত্যধিক বৃদ্ধি পায়। ফলত শৰীৰত ‘চাইট’কাইন ধুমুহা’ৰ সৃষ্টি হয়। এনে ক্ষেত্ৰত ৰোগীক ষ্টেৰইড দিব লাগে। সামগ্ৰিকভাৱে এই পৰিস্থিতিত ৰোগীৰ হাড়ৰ মজ্জাৰ সমস্যা হয়, যিটো অতি বিপদজনক। গতিকে প্লেটলেটৰ সংখ্যা ঠিকেই থকাৰ অৰ্থ এইটো নহয় যে আপুনি ডেংগুৰ বিপদৰ পৰা মুক্ত।গতিকে এই সময়ত অতি সাৱধানতাৰ প্ৰয়োজন। জ্বৰ বা এই লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।