দেশৰ প্ৰান্তীয় জনসাধাৰণক উন্নত সেৱা আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীৰ উদ্যোগত যোৱা ১৯ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজাৰ দিনা বিশ্বকৰ্মা যোজনা আঁচনিৰ শুভাৰম্ভ কৰা হয়। যিসকলে এতিয়াও পৰম্পৰাগত শিল্পকৰ্ম কৰি আছে তেওঁলোকৰ কৰ্ম পদ্ধতি আৰু জীৱন ধাৰণৰ মান উন্নত, কাম আধুনিকীকৰণ আৰু প্ৰান্তীয় অঞ্চলৰ জনসাধাৰণৰ কামক স্বীকৃতি দিয়াৰ বাবে এই বিশেষ আঁচনিখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল । এই আঁচনিৰ বাবে ইতিমধ্যে কেন্দ্ৰই ১৩ হাজাৰ কোটি টকা অনুমোদন জনাইছে।
প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা কি?
পি এম বিশ্বকৰ্মা যোজনা হৈছে ক্ষুদ্ৰ, মজলীয়া আৰু কুটিৰ উদ্যোগ মন্ত্ৰালয়ে আৰম্ভ কৰা কেন্দ্ৰীয় খণ্ডৰ আঁচনি। এই আঁচনিৰ জৰিয়তে কাৰিকৰসকলক আমানত মুক্ত বিনামূলীয়া ঋণ, দক্ষতা প্ৰশিক্ষণ, আধুনিক যন্ত্ৰপাতি বা সঁজুলি, ডিজিটেল লেনদেনৰ বাবে অনুপ্ৰেৰণা আৰু বজাৰ সংযোগৰ সহায়ৰ দৰে সুবিধা প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে শিল্পীসকলৰ কাৰিকৰী দক্ষতা বৃদ্ধিৰ প্ৰচেষ্টা চলোৱা হৈছে, যাতে তেওঁলোকে উন্নত ঘৰুৱা আৰু বিশ্বব্যাপী বজাৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে।
১৮ বছৰ বয়সৰ লোকেহে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে আবেদন কৰিবলগীয়া শিল্পকৰ্মৰ ক্ষেত্ৰত বিশেষজ্ঞতা থাকিব লাগিব। বৰ্তমান মুঠ ১৮ প্ৰকাৰৰ শিল্পীক এই সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও কাঠমিস্ত্ৰী, নৌকা নিৰ্মাতা, লোহাৰ মিস্ত্ৰী, সোণাৰী, চামৰাৰ কাম কৰা লোক, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, ৰাজমিস্ত্ৰী, নাপিত, ধোৱনী, দৰ্জী, মাছ ধৰা জাল নিৰ্মাতা আদি বৃত্তিও অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ উপকাৰিতা:
শিল্পীসকলক তেওঁলোকৰ নিজ নিজ কৰ্ম দক্ষতাৰ স্বীকৃতি স্বৰূপে পি এম বিশ্বকৰ্মাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব। লগতে এটা নিৰ্দিষ্ট আইডি কাৰ্ডো লাভ কৰিব। দক্ষতা মূল্যায়নৰ পিছত হিতাধিকাৰীসকলে কামটোৰ বাবে নিৰ্দিষ্ট আধুনিক সঁজুলিৰ লগতে ১৫ টকাৰ টুলকিট লাভ কৰিব।
প্ৰতিদিনে ৫০০ টকাৰ ভাট্টাৰ সৈতে ৫-৭ দিনীয়া প্ৰাথমিক দক্ষতা প্ৰশিক্ষণ দিয়া হ’ব শিল্পীসকলক। ইয়াৰ ভিতৰত আধুনিক সঁজুলিৰ ব্যৱহাৰ, ডিজিটেল আৰু বিত্তীয় লেনদেন, ব্ৰেণ্ডিং, বিপণন, ঋণৰ সহায়কে ধৰি কেইবাটাও বিষয়ত প্ৰশিক্ষণ দিয়া হ’ব। প্ৰাৰম্ভিক প্ৰশিক্ষণৰ পিছত শিল্পীসকলে এক লাখ টকা পৰ্যন্ত আমানত মুক্ত বিনামূলীয়া ঋণৰ যোগ্যতা অৰ্জন কৰিব। এনে ক্ষেত্ৰত ১৮ মাহত ঋণ পৰিশোধ কৰাৰ সুবিধাও উপলব্ধ হ’ব।
কেনেকৈ পঞ্জীয়ন কৰিব?
‘PM Vishwakarma Portal’ লৈ গৈ ‘Home’ অপচনত ক্লিক কৰক। ইয়াৰ পিছত ‘How to Register’ অপচনত ক্লিক কৰি মোবাইল নম্বৰ ভেৰিফিকেচন আৰু আধাৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। এইবাৰ পঞ্জীয়ন প্ৰ-পত্ৰৰ বাবে আবেদন কৰক। তাৰ পিছত পি এম বিশ্বকৰ্মা ডিজিটেল আইডি আৰু চাৰ্টিফিকেট ডাউনলোড কৰি আঁচনিৰ অধীনত আপোনাৰ প্ৰয়োজনীয় সুবিধাসমূহৰ বাবে আবেদন নিশ্চিত কৰক।