ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৰ অধ্যক্ষ এছ সোমনাথে ৬০ বছৰ বয়সত লাভ কৰিলে পি এইচ ডি । দেশৰ অন্যতম আগশাৰীৰ ৰকেট বিজ্ঞানী তথা ‘ইছৰো’ৰ অধ্যক্ষগৰাকীয়ে আই আই টি,মাদ্ৰাজৰ পৰাই এই ডিগ্ৰী লাভ কৰিছে। তেওঁৰ গৱেষণাৰ বিষয় আছিল মেকানিকেল ইঞ্জিনিয়াৰিং। ভাৰতীয় বিজ্ঞানলৈ সোমনাথৰ অৱদানক সন্মান জনাই আই আই টি মাদ্ৰাজে পুৰণি নীতি-নিয়ম শিথিল কৰে। ৬১ সংখ্যক সমাৱৰ্তনত তেওঁলোকে সোমনাথক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।
আই আই টি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটিয়ে সোমনাথক ‘ভাইব্ৰেচন ৰেচপন্স ষ্টাডিজ অন মডিফাইড হাইপাৰেলেষ্টিক মেটেৰিয়েল মডেলছ ফৰ এপ্লিকেচন এৰ’স্পেচ চিষ্টেমছ’ শীৰ্ষক গৱেষণা পত্ৰখনৰ বাবে পি এইচ ডি প্ৰমাণপত্ৰ প্ৰদান কৰে। মহাকাশ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে সোমনাথে এতিয়ালৈকে ১০টা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। কিন্তু ‘ইছৰো’ৰ অধ্যক্ষই নিজৰ কৃতিত্বত বিশ্বাস কৰে। যাৰ বাবে গৱেষণাৰ জৰিয়তে পি এইচ ডি অর্জন কৰিবলৈ তেওঁ আগ্ৰহী হৈ পৰিছিল। আই আই টি মাদ্ৰাজে তেওঁক সেই সুযোগ প্ৰদান কৰে ৷শুকুৰবাৰে ডিগ্ৰী গ্ৰহণ কৰি সোমনাথে কয় –“ মই মোৰ কামত ইমানেই ব্যস্ত আছিলো যে মই আগতে পি এইচ ডি শেষ কৰিব পৰা নাছিলো। ‘ইছৰো’ৰ অধ্যক্ষ হোৱাৰ পিছত এই কাম সম্পূর্ণ হ’ল । সঁচাকৈয়ে মোৰ বাবে ভাগ্যৰ কথা। ই অন্যতম সন্মান।”
২০২২ চনত ইছৰোৰ চন্দ্ৰযান-২ মিছন ৰকেট উৎক্ষেপণ প্ৰকল্পৰ নেতৃত্ব দিয়া সোমনাথে তিনি বছৰৰ বাবে কেন্দ্ৰীয় মহাকাশ আৰু মহাকাশ মন্ত্ৰালয়ৰ সচিব আৰু দেশৰ মহাকাশ আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।