ফলৰ ৰসতকৈ ফল বেছি পুষ্টিকৰ নেকি? এই বিতৰ্ক বহুদিন ধৰি চলি আহিছে। গোটা ফল নোখোৱা লোকসকলে প্ৰায়ে ফলৰ ৰস খাবলৈ পচণ্ড কৰে ৷ কিন্তু পুষ্টিবিদসকলৰ মতে ফলৰ ৰস নকৰি গোটা ফল খোৱাটো স্বাস্থ্যকৰ । সম্ভৱ হ’লে বাকলিৰ সৈতে ফল-মূল খাব লাগে। বহুতে ভাবে যে পেকেটত থকা ফলৰ ৰসৰ সলনি ঘৰতে বনোৱা সতেজ ফলৰ ৰস শৰীৰৰ বাবে উপকাৰী। কিয় আপুনি ফলৰ ৰসৰ সলনি গোটা ফল খাবলৈ আৰম্ভ কৰিব লাগে সেয়া জানো আহক ।
১. বাকলিৰ সৈতে খাব পৰা ফলবোৰ অতি পুষ্টিকৰ। বাকলি আঁতৰোৱাৰ পিছত ৰস উলিয়াই খালে পুষ্টিকৰ মূল্য বহু পৰিমাণে কমি যায়। আপেল, আঙুৰ, অমিতা, তিয়ঁহ, ষ্ট্ৰবেৰী আদি ফল কেঁচাকৈ খাব পাৰি। ফলৰ বাকলিত কেৰটিনয়ড, ফ্লেভনয়ড থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আঙুৰৰ ছালে কেন্সাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। ৰস উলিওৱাৰ সময়ত বাকলিটো প্ৰায়ে পেলাই দিয়া হয়। ফলৰ ৰস খোৱাৰ ফলত শৰীৰ বাকলিৰ পুষ্টিকৰ মূল্যৰ পৰা বঞ্চিত হয়।
২. ফলৰ দৰে ফলৰ বাকলিতো আৱশ্যকীয় আঁহ থাকে। কমলাৰ বাকলিত প্ৰচুৰ পৰিমাণে ফ্লেভন’ইড থাকে। ইয়াৰ উপৰিও ইয়াত ভিটামিন চি থাকে। এই দুয়োটা শৰীৰৰ বাবে অতি উপকাৰী। কমলাৰ ৰস উলিওৱাৰ সময়ত ফ্লেভন’ইড নিৰ্গত হয়। ৰস খালে আঁহ নষ্ট হয়।
৩. ফলৰ ৰস খালে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়। ফল খালে শর্কৰাৰ মাত্ৰা বাঢ়ি নাযায়। ফলৰ ৰসত তৰল ফ্ৰুক্ট’জৰ বাহিৰে একো নাথাকে। যেতিয়া তৰল ফ্ৰুক্ট’জ শৰীৰত প্ৰৱেশ কৰে তেতিয়া ‘চুগাৰ স্পাইক’ বহু পৰিমাণে বৃদ্ধি পায়। গতিকে পুষ্টিবিদসকলে ফলৰ ৰস খোৱাত বাধা আৰোপ কৰে ।