মোবাইল এতিয়া আমাৰ অহৰহ সংগী। পুৱাৰ এলাৰ্মৰ পৰা আৰম্ভ কৰি ফিটনেছ ট্ৰেকিংলৈকে, বন্ধুৰ পৰা অহা মেছেজলৈকে অফিচৰ মেইললৈকে সকলো এতিয়া মোবাইল ফোনত। মোবাইল অবিহনে এদিনো কটোৱাটো আমাৰ বাবে কঠিন ৷ যেতিয়া মোবাইলৰ চাৰ্জ অলপ কমি যায় তেতিয়া বহুলোক চিন্তিত হৈ পৰে। গতিকে বেছিভাগ সময়তে ফোনটোত চার্জ দি থাকে ৷কিন্তু সকলো সময়তে মোবাইল চাৰ্জ কৰাটো বেটাৰীৰ বাবে ভাল নহয়। ইয়াৰ ফলত ম’বাইলৰ বেটাৰী সোনকালে নষ্ট হ’ব।
মোবাইলৰ বেটাৰী কেনেকৈ ব্যৱহাৰ কৰিব?
১) যদি মোবাইলত ২০ শতাংশ চাৰ্জ আছে তেন্তে কেৱল চাৰ্জ কৰক।
২) ৮০ শতাংশ চাৰ্জ হ’লে চাৰ্জাৰটো আঁতৰাই দিব লাগে।
৩) গোটেই ৰাতি মোবাইল চাৰ্জ নকৰিব।
৪) মোবাইলৰ বেটাৰী গৰম হ’লে লগে লগে চাৰ্জাৰৰ প্লাগ বন্ধ কৰি দিব।
৫) নতুন ফোনটো বাৰে বাৰে চাৰ্জ নকৰিব, ই বেটাৰীৰ ক্ষতি কৰিব।
আধুনিক মোবাইল চাৰ্জিঙৰ বাবে ব্যৱহৃত কেবল আৰু ইউএছবি ডিভাইচসমূহে চাৰ্জিঙৰ লগতে ডাটা ট্ৰেন্সফাৰ সমৰ্থন কৰে। এই কাৰণেই ফোনটো চাৰ্জ কৰিবলৈ ব্যৱহাৰ কৰা একেটা কেবল ব্যৱহাৰ কৰি ডাটা এক্সচেঞ্জৰ বাবে কম্পিউটাৰ বা লেপটপৰ সৈতে সংযোগ কৰা হয়। চাইবাৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে এনে কেবল আৰু পাৰ্টছ ব্যৱহাৰ কৰি নিজ নিজ ফোনসমূহৰ সকলো তথ্য অতি সহজে চুৰি কৰিব পৰা যায়। আনকি ফোনটো হেক কৰাটোও অসম্ভৱ নহয়। ফলত একাধিক গোপনীয় তথ্য ফাদিল হ’ব পাৰে ৷ লগতে ব্যক্তিগত তথ্য যেনে নথি-পত্ৰ আৰু ফটোও হেৰাই যাব পাৰে। গতিকে যান-বাহনৰ ডিপো, ষ্টেচন চৌহদ, বিমানবন্দৰ, অৰ্থাৎ য’ত যান-জঁট বেছি হয়, তেনে ঠাইত ফোনটো চাৰ্জ নকৰিলে ভাল। হোটেলতো ফোনটো চাৰ্জ কৰাৰ আগতে সাৱধান হওক। প্লাগৰ সৈতে কোনো ডিভাইচ সংযুক্ত হৈছে নে নাই পৰীক্ষা কৰক।