ৰাষ্ট্ৰপতি পদৰ দৌৰৰ পৰা আঁতৰি অহাৰ কথা ঘোষণা কৰিছে জো বাইডেনে। তেওঁ উত্তৰাধিকাৰী হিচাপে বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নামো প্ৰস্তাৱ কৰে। কিন্তু বাইডেনৰ এই ঘোষণাই হোৱাইট হাউছৰ দায়িত্ব লোৱাৰ দৌৰত কমলাক আন ডেম’ক্ৰেটতকৈ অলপ আগুৱাই নিয়াৰ বিপৰীতে আগষ্ট মাহত তেওঁৰ নাম চূড়ান্ত হ’ব পাৰে। আৰু সেই সময়ছোৱাত ডেম’ক্ৰেট শিবিৰে নতুন কাৰোবাক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে উপস্থাপন কৰিব পাৰে।
১৯ৰ পৰা ২২ আগষ্টলৈ চিকাগোত অনুষ্ঠিত হ’ব ডেম’ক্ৰেটিক নেশ্যনেল কনভেনচন। চাৰিদিনীয়া এই সমাৱেশৰ অন্তত আনুষ্ঠানিকভাৱে জানিব পৰা যাব ৫ নৱেম্বৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পৰ প্ৰধান প্ৰতিদ্বন্দ্বী কোন হ’ব ? ইতিমধ্যে ৰিপাব্লিকান নেশ্যনেল কনভেনশ্যনত ট্ৰাম্পৰ নাম চূড়ান্ত কৰা হৈছে। ৰাষ্ট্ৰীয় অধিৱেশনত তেওঁৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। আনহাতে, প্ৰাইমাৰীত ডেম’ক্ৰেট দলৰ সমৰ্থন লাভ কৰে বাইডেনে ৷ কিন্তু যিহেতু তেওঁ দৌৰৰ পৰা আঁতৰি আহিছে, গতিকে ডেম’ক্ৰেটসকলে নতুন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছি ল’ব লাগিব। নিয়ম অনুসৰি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীয়ে বাইডেনৰ সমৰ্থনত সংগ্ৰহ কৰা অনুদান ব্যৱহাৰ কৰিব পাৰিব।
ডেম’ক্ৰেটিক ৰাষ্ট্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰিব সমগ্ৰ দলটোৰ ৩৯০০ প্ৰতিনিধিয়ে। ইয়াৰ ভিতৰত ৭০০জন বিভিন্ন ৰাজ্যৰ ডেম’ক্ৰেটিক গৱৰ্ণৰ, আমেৰিকাৰ কংগ্ৰেছৰ সদস্য আৰু দলৰ শীৰ্ষ নেতা। এই ৭০০ লোকে প্ৰথমে ভোটাধিকাৰ প্ৰয়োগ নকৰে। কিন্তু ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত যদি একমত স্থাপন নহয় তেন্তে এই ৭০০ ভোটাৰৰ ভোট নিৰ্ণায়ক হ’ব পাৰে।
আমেৰিকাৰ একাংশ ৰাজনৈতিক পৰ্যবেক্ষকে ভাৰতীয় মূলৰ কমলা ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ দৌৰত বাকীসকলতকৈ আগবাঢ়ি আছে বুলি ভাবে। প্ৰথমে বাইডেনে নিজেই নিজৰ নামটো প্ৰস্তাৱ কৰিছিল। অৱশ্যে কিছুমান বিকল্প নামৰ বিষয়েও আলোচনা কৰা হৈছে। কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউজমৰ নামো উচ্চাৰিত হৈছে ৷৫৬ বছৰীয়া ডেম’ক্ৰেট নেতাগৰাকীৰ ছান ফ্ৰান্সিস্কোৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ অভিজ্ঞতা আছে ৷
ইয়াৰ উপৰিও মিচিগানৰ গৱৰ্ণৰ গ্ৰেচেন হুইটমাৰৰ বিষয়েও ডেম’ক্ৰেট দলৰ মাজত আলোচনা চলি আছে। মিচিগান ৰাজ্য মূলতঃ শ্ৰমিক শ্ৰেণীৰ অঞ্চল। য’ত কৃষ্ণাংগ আৰু আৰব-আমেৰিকান জনসংখ্যা বাস কৰে। যোৱা নিৰ্বাচনত এই দুটা শ্ৰেণীৰ ভোটাৰে বাইডেনৰ বিজয়ত সহায় কৰিছিল । পেনচিলভেনিয়াৰ গৱৰ্ণৰ জোছ ছাপিৰোও এই দৌৰত অংশগ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে তেওঁ দুবাৰকৈ প্ৰদেশখনৰ এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পত্নী মিচেল ওবামা, কেন্টাকিৰ গৱৰ্ণৰ এণ্ডী বেশ্বাৰ, মেৰিলেণ্ডৰ গৱৰ্ণৰ ৱেছ মূৰৰ বিষয়েও ডেম’ক্ৰেট শিবিৰত চৰ্চা চলিছে।