হাড় শক্তিশালী কৰাৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰালৈকে – দৈনন্দিন খাদ্যত গাখীৰ থাকিলে আপোনাৰ শৰীৰৰ উন্নতি হোৱাটো নিশ্চিত। চিকিৎসকৰ পৰা পুষ্টিবিদলৈকে সকলোৱে গাখীৰ খাবলৈ পৰামৰ্শ দিয়ে। কিন্তু তেওঁলোকৰ মতে গাখীৰ খোৱাৰ আদৰ্শ সময় হ’ল ৰাতি। যদি শোৱাৰ আগতে এগিলাচ গাখীৰ খাব পৰা যায়, তেন্তে শাৰীৰিক বহু সমস্যাৰ সমাধান হ’ব। প্ৰতি নিশা শোৱাৰ আগতে এগিলাচ গাখীৰ খালে কি কি লাভ হয়?
অনিদ্ৰা
সামান্য গৰম গাখীৰ খাই শুলে আপোনাৰ টোপনি ভাল হোৱাটো নিশ্চিত। কাৰণ গৰম গাখীৰত ট্ৰিপট’ফেন নামৰ এমিনো এচিড থাকে, যিয়ে চেৰ’টনিন নিঃসৰণত সহায় কৰে। চেৰ’টনিনে মানসিক চাপ হ্ৰাস কৰে। মন আৰু মগজু শান্ত কৰি টোপনি অহাত সহায় কৰে ।
মানসিক উদ্বেগ
গাখীৰ খোৱাৰ ফলত মানসিক চাপ কমি যায়। গৱেষণাত এই তথ্য পোহৰলৈ আহিছে ৷ গাখীৰত পটাছিয়াম থাকে, যাৰ ফলত স্নায়ু শান্ত হৈ থাকে। পেশীবোৰ সক্ৰিয় কৰি ৰাখিবলৈ গাখীৰ খোৱাটোও গুৰুত্বপূৰ্ণ। ভালদৰে টোপনিৰ বাবে গাখীৰ খোৱাটো গুৰুত্বপূৰ্ণ।
পাচনতন্ত্ৰৰ সমস্যা
পাচনতন্ত্ৰৰ সমস্যাৰ পৰা হাত সাৰিবলৈ অধিক গৰম খাদ্য খোৱাটো জৰুৰী বুলি চিকিৎসকে কয়। তেনে ক্ষেত্ৰত যদি ৰাতি শোৱাৰ আগতে এগিলাচ গৰম গাখীৰ খাব পাৰে, তেন্তে বদহজমও নাইকিয়া হৈ যাব। কিন্তু যদি আপুনি সঘনাই গেছ-বুকু জ্বলা-পোৰা কৰা সমস্যাত আক্ৰান্ত হয় তেন্তে গাখীৰ খাব পাৰে নে নোৱাৰে তাৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে।
ডিহাইড্ৰেচন
গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি গাখীৰত পানীৰ পৰিমাণ প্ৰায় ৮০ শতাংশ। ফলত শৰীৰত পানীৰ অভাৱ পুৰণ কৰিবলৈ গাখীৰ সেৱন কৰিব পাৰি। গাখীৰে শৰীৰ আৰ্দ্ৰ কৰি ৰাখে।
পুষ্টিৰ অভাৱ
গাখীৰত প্ৰটিন, ভিটামিন বি, ডি আদি উপাদান থাকে। গাখীৰ খোৱাৰ ফলত শৰীৰত এই উপাদানসমূহৰ অভাৱ হ’ব নোৱাৰে। ৰাতি শৰীৰৰ আভ্যন্তৰীণ ক্ৰিয়া-কলাপ কম হয়। ফলত শোৱাৰ আগতে গাখীৰ সেৱন কৰিব পৰা যায়, তেন্তে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ উপাদান লাভ কৰিব।