ধনিয়া পাতে দাইল, তৰকাৰী বা মাছৰ জোলৰ সোৱাদ কেইবাগুণো বৃদ্ধি কৰে। সোৱাদ আৰু স্বাস্থ্য উপকাৰিতাৰ বাবে ধনিয়া সচৰাচৰ ব্যৱহৃত মছলাসমূহৰ ভিতৰত অন্যতম। ধনিয়া পাতে সোৱাদ, সুগন্ধি আৰু ৰন্ধা-বঢ়াৰ সৌন্দৰ্য্য বহুগুণে বৃদ্ধি কৰে।
কিন্তু ধনিয়া স্বাস্থ্যৰ বাবে কিয় উপকাৰী ?ধনিয়াই শৰীৰৰ বেয়া কলেষ্টেৰল হ্ৰাস কৰে আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে। যকৃত সুস্থ কৰি ৰাখে ধনিয়া পাতে। ধনিয়াই হজম শক্তি উন্নত কৰে। ডায়েবেটিছ ৰোগীয়ে ধনিয়া পাত নিৰাপদে খাব পাৰে। ধনিয়াই ইনচুলিনৰ ভাৰসাম্য ৰক্ষা কৰে, তেজৰ শর্কৰা নিয়ন্ত্ৰণ কৰে।
ধনিয়াৰ পাতত প্ৰচুৰ পৰিমাণে আইৰণ থাকে ৷ গতিকে ৰন্ধা-বঢ়াত ধনিয়া পাত নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰৰ আইৰণৰ অভাৱ কিছু পৰিমাণে পূৰণ কৰিব পাৰি।
ধনিয়া পাতে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে। শৰীৰৰ পৰা অতিৰিক্ত ছডিয়াম আঁতৰোৱাত সহায় কৰে ধনিয়াই। উচ্চ ৰক্তচাপ থাকিলেও ধনিয়া পাত অতি উপকাৰী। ধনিয়া পাতত থকা এন্টিঅক্সিডেন্টেও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
ভিটামিন এ প্ৰচুৰ পৰিমাণে থকা ধনিয়া পাতে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। ধনিয়া পাত খোৱাটোও চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। ধনিয়াৰ পাতত মেগনেছিয়াম, কেলচিয়াম, ভিটামিন এ, চি আৰু পটাছিয়াম থাকে যিয়ে শৰীৰক পুষ্টিকৰ উপাদান প্ৰদান কৰে।
ধনিয়াত ভিটামিন চি থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও ই শৰীৰক ভিতৰৰ পৰা শক্তিশালী কৰি তুলিব পাৰে যাতে শৰীৰে বিভিন্ন ধৰণৰ বীজাণু আৰু ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰে। গেছ-হাৰ্টবাৰ্ণ, কোষ্ঠকাঠিন্য আৰু বদহজম ৰোগত আক্ৰান্ত লোকে নিয়মিত ধনিয়া পাত খালে এই সমস্যাৰ পৰা মুক্তি পাব পাৰে।
কিন্তু এটা কথা মনত ৰখা উচিত যে সকলোৰে শৰীৰ একে নহয়, গতিকে এবিধ খাদ্যৰ প্ৰতি সঁহাৰি ব্যক্তিভেদে বেলেগ বেলেগ হ’ব পাৰে। ফলত নিয়মিতভাৱে যিকোনো খাদ্য খোৱাৰ আগতে চিকিৎসক আৰু পুষ্টিবিদৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।