উচ্চতম ন্যায়ালয়ে বাংলাদেশৰ চৰকাৰী চাকৰিৰ সংৰক্ষণ ব্যৱস্থা সংস্কাৰ কৰিবলৈ নির্দেশ দিলেও পৰিস্থিতি এতিয়াও শাম কটা নাই ৷ উত্তপ্ত হৈয়েই আছে দেশখনৰ পৰিস্থিতি ৷ চাকৰি ব্যৱস্থাত সংৰক্ষণ ব্যৱস্থা প্ৰত্যাহাৰৰ দাবীত ছাত্ৰ সমাজে আৰম্ভ কৰিছে এই বিক্ষোভ ৷ আন্দোলনৰ বাবে বহু লোক হতাহত হৈছে দেশখনত ৷
অৱশ্যে এইক্ষেত্ৰত শেহতীয়াকৈ বাংলাদেশৰ উচ্চতম ন্যায়ালয়েও সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ কেনেদৰে হ’ব তাৰ ৰূপৰেখা প্ৰস্তুত কৰিছে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মাত্ৰ ৭ শতাংশ আসনহে সংৰক্ষিত হ’ব বুলি কোৱা হৈছে। বাকী ৯৩ শতাংশ আসন যোগ্যতাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব। একে সময়তে কোটা সংস্কাৰৰ দাবীত সমগ্ৰ বাংলাদেশত ইমান দিনে প্ৰতিবাদ সাব্যস্ত কৰি অহা ছাত্ৰ-ছাত্ৰীসকলক, নিজৰ শিক্ষানুষ্ঠানলৈ ঘূৰি আহিবলৈ আদালতে আহ্বান জনাইছে ।
বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সেই দেশৰ স্বাধীনতা সংগ্ৰামীৰ সন্তানে চৰকাৰী চাকৰিত সংৰক্ষণ লাভ কৰিব । কিন্তু তেওঁলোকে আগৰ দৰে ৩০ শতাংশ সংৰক্ষণ নাপাব ৷ স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে সংৰক্ষিত আসন ৩০ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে । অৰ্থাৎ এতিয়াৰ পৰা মাত্ৰ পাঁচ শতাংশ আসনহে চৰকাৰী চাকৰিত স্বাধীনতা সংগ্ৰামীৰ সন্তানৰ বাবে সংৰক্ষিত হ’ব। সাত শতাংশৰ ভিতৰত বাকী দুই শতাংশ অন্য শ্ৰেণীৰ বাবে সংৰক্ষিত। পিছপৰা শ্ৰেণীয়ে লাভ কৰিছে এক শতাংশ সংৰক্ষণ। ইয়াৰ উপৰিও বাকী থকা এক শতাংশ সংৰক্ষণৰ সুবিধা দিব্যাংগ আৰু তৃতীয় লিংগ নাগৰিকক দিয়া হ’ব।
উল্লেখ্য যে ১৯৭২ চনৰ পৰা বাংলাদেশত সংৰক্ষণ ব্যৱস্থা চলি আছে। প্ৰথম অৱস্থাত ৫৬ শতাংশ চৰকাৰী চাকৰি সংৰক্ষিত আছিল। বাকী ৪৪ শতাংশক মেধাৰ ভিত্তিত নিযুক্তি দিয়া হৈছিল। এই ৫৬ শতাংশৰ ভিতৰত ৩০ শতাংশ স্বীকৃতিপ্ৰাপ্ত স্বাধীনতা সংগ্ৰামীৰ আত্মীয়ৰ বাবে, ১০ শতাংশ মহিলাৰ বাবে, ১০ শতাংশ বিভিন্ন জিলাৰ বাবে, ৫ শতাংশ জনজাতীয় লোকৰ বাবে আৰু ১ শতাংশ বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত আছিল। ২০১৮ চনত প্ৰধানমন্ত্ৰী হাছিনাই সংৰক্ষণ সংস্কাৰৰ দাবীত আন্দোলন বিয়পি পৰাৰ বাবে স্বাধীনতা সংগ্ৰামীৰ আত্মীয়ৰ বাবে ৩০ শতাংশ, মহিলাৰ বাবে ১০ শতাংশ আৰু জিলা খণ্ডত ১০ শতাংশ সংৰক্ষণ বাতিল কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। জনজাতিৰ বাবে ৫ শতাংশ আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ১ শতাংশ সংৰক্ষণহে ৰখা হৈছিল।
শ্বেখ হাছিনাৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ২০২১ চনত ৭ জন স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। সেই গোচৰত ৫ জুনত উচ্চ ন্যায়ালয়ে চৰকাৰৰ এই সিদ্ধান্ত অবৈধ বুলি কয়। সংৰক্ষণ ব্যৱস্থাটো আগৰ দৰেই ঘূৰাই অনা হ’ল। স্বাধীনতা সংগ্ৰামীৰ আত্মীয়ই ৩০ শতাংশ সংৰক্ষণ লাভ কৰিবলৈ আৰম্ভ কৰিলে। এনে পৰিস্থিতিত উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সমগ্ৰ বাংলাদেশত এক নতুন আন্দোলন আৰম্ভ হয়। মেধাৰ ভিত্তিত নিযুক্তিৰ দাবীত সমগ্ৰ বাংলাদেশত আন্দোলন বিয়পি পৰে ৷ সংবাদ সংস্থা এ এফ পিৰ তথ্য অনুসৰি ছাত্ৰ আন্দোলনত ১৫১ জন লোকৰ মৃত্যু হয়।