ব্যাপক পৰিৱৰ্তন আৰু সংশোধনৰ লক্ষ্যৰে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই জনোৱা অনুসৰি পুলিচ ভেৰিফিকেচন বা অন্যান্য কামত আপুনি থানালৈ আহিব নালাগে। ভেৰিফিকচনৰ বাবে আৰক্ষী আপোনাৰ ওচৰলৈ যাব।
আপোনাৰ প্ৰয়োজনীয় সকলো কাম আৰক্ষীয়ে ঘৰতে গৈ সমাধান কৰিব। পাছপৰ্ট ভেৰিফেকেচনৰ বাবেও আপুনি থানালৈ যাব নালাগে। লগতে যিকোনো দুৰ্ঘটনা সংক্ৰান্তীয় ভেৰিফিকেচনৰ বাবেও আৰক্ষী আপোনাৰ গৃহলৈ যাব।
অসম আৰক্ষীয়ে অতি শীঘ্ৰেই এটা এপ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই এপৰ জৰিয়তে আপোনাৰ সকলো কাম সম্পন্ন হ’ব।এতিয়াৰ পৰা মোবাইলতে আপুনি ভেৰিফিকেচন সংক্ৰান্তীয় সকলো কাম কৰিব পাৰিব।
থানালৈ গৈ তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱা বুলি বহুজনে অভিযোগ দিয়া দেখা যায়। এই এপ ব্যৱহাৰ কৰিলে তেনে ধৰণৰ অভিযোগবোৰ শুনিবলৈ পোৱা নাযাব বুলিও বহুজনে আশা প্ৰকাশ কৰিছে।
ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি এপটো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু দুখন জিলাত প্ৰথমে ইয়াক আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়া পাইলট জিলা হিচাপে কোকৰাঝাৰ আৰু গুৱাহাটীৰ জালুকবাৰী থানাত প্ৰথমে এই এপটো আৰম্ভ কৰা হ’ব।