খনিজ পদাৰ্থ নিষ্কাশনৰ ক্ষেত্ৰত কৰ হাৰ নিৰ্ধাৰণ কৰাৰ সাংবিধানিক অধিকাৰ ৰাজ্যসমূহৰ আছে। বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বাধীন বিচাৰপীঠে এই ৰায়দান কৰে। এই সন্দৰ্ভত ১৯৮৯ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ক খাৰিজ কৰি মুখ্য ন্যায়াধীশৰ নেতৃত্বত ৯ জনীয়া বিচাৰপীঠে কয় যে এই সন্দৰ্ভত নিজ নিজ ৰাজ্যৰ বিধায়িনী দলে সিদ্ধান্ত ল’ব পাৰে।
উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি কৰৰ লগত ৰয়েল্টিৰ কোনো সম্পৰ্ক নাই। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক দিয়া আয়ৰ (ৰয়েল্টি) অংশক কৰ বুলি গণ্য কৰিব নোৱাৰি। ৰাজ্যসমূহৰ ভৌগোলিক সীমাৰ ভিতৰত খনন কৰা খনিজ পদাৰ্থৰ ওপৰত কপিৰাইট আছে। গতিকে তেওঁলোকে কৰৰ হাৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰী। ৯ জন ন্যায়াধীশৰ ভিতৰত ৮ জন ন্যায়াধীশে এই ৰায়ক সমৰ্থন কৰে। কেৱল ন্যায়াধীশ বি ভি নাগাৰত্নই মতানৈক্য প্ৰকাশ কৰিছিল।
এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু খনন কোম্পানীসমূহে ৰাজ্যসমূহক খনিজ পদাৰ্থৰ ওপৰত ৰয়েল্টি বা কৰ হাৰ নিৰ্ধাৰণ কৰাৰ ক্ষমতা দিয়াৰ বিৰোধিতা কৰিছিল। তেওঁলোকে যুক্তি দিছিল যে বিভিন্ন ৰাজ্যত মূল খনিজ পদাৰ্থবোৰ অসমান। কিছুমান ৰাজ্য কয়লা, বক্সাইট আৰু মেংগানিজ আদি খনিজ সম্পদেৰে সমৃদ্ধ। এই পৰিস্থিতিত খনিজ সমৃদ্ধ ৰাজ্যসমূহে খনিজ পদাৰ্থৰ ওপৰত গধুৰ কৰ আৰোপ কৰি মূল্য বৃদ্ধি কৰিব পাৰে। যাৰ প্ৰভাৱ সামগ্ৰিকভাৱে ৰাষ্ট্ৰীয় অৰ্থনীতিত পৰিব।
আনহাতে, ঝাৰখণ্ডকে ধৰি কেইবাখনো ৰাজ্যই কেন্দ্ৰক খনিজ পদাৰ্থৰ ওপৰত কৰ আৰু ৰয়েল্টি বিতৰণৰ ক্ষেত্ৰত বৈষম্যৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে যুক্তি দিছিল যে স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো বহু খনিজ সমৃদ্ধ ৰাজ্য উন্নয়নৰ দিশত পিছ পৰি আছে। তাত থকা মানুহ দুখীয়া। উচ্চতম ন্যায়ালয়ে এই দাবী সমৰ্থন কৰে কয় যে যিখন ৰাজ্যৰ ভিতৰত আছে সেই ৰাজ্যই খনিৰ মালিক ।