প্ৰচণ্ড বৰষুণৰ ফলত হিমাচলৰ কুল্লু জিলাত ৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ বন্ধ হৈ পৰিছে। বুধবাৰে গভীৰ নিশা সংঘটিত হয় এই ঘটনা। পালচনৰ সমীপত ভূমিস্খলনৰ ফলত কেইবাটাও পথ ক্ষতিগ্ৰস্ত হৈছে। কেইবাটাও স্থানৰ সৈতে পথৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।
৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধূন্ধীৰ পৰা পালচনলৈ যোৱা বহল পথটোৰ নাম লেহ-মানালী পথ। ইয়াৰ অঞ্জনী মহাদেৱ নলাত বুধবাৰে ডাৱৰ বিস্ফোৰণ ঘটি বৰষুণ হয়। ফলত নদীখনৰ গতিপথ সলনি হোৱাৰ লগতে পথ যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। পাহাৰৰ ঢালৰ পৰা ডাঙৰ ডাঙৰ শিল বাগৰি কেইবাটাও ঠাইত পথটো বন্ধ হৈ পৰে । হিমাচল প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি বিপদৰ পৰা হাত সাৰিবলৈ এই পথত সকলো যান-বাহন বন্ধ কৰি দিয়া হৈছে। লাহুল আৰু স্পিটিৰ পৰা মনালি অভিমুখী বাহনসমূহ অটল সুৰংগ-ৰোহটাং হৈ মানালীলৈ ডাইভাৰ্ট কৰা হৈছে।
সূত্ৰ অনুসৰি বুধবাৰে নিশা ৰাজ্যত ৬০টাতকৈও অধিক ট্ৰেন্সফৰ্মাৰ ক্ষতিগ্ৰস্ত হয়। ভূমিস্খলনৰ বাবে মণ্ডী আৰু কংৰা জিলাৰ বহু পথ বন্ধ হৈ পৰিছে। লগতে দুই এটা ঘৰৰ ক্ষতিসাধন হয়। অৱশ্যে ক্ষতিৰ পৰিসৰৰ বিষয়ে নিশ্চিতভাৱে এতিয়াও ক’ব পৰা হোৱা নাই ৷
বতৰ বিজ্ঞান বিভাগে কয় যে এতিয়া বৰষুণ বন্ধ হোৱা নাই। হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ২৮ জুলাইলৈকে ধুমুহা বৰষুণৰ সৈতে মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। কেইবাঠাইতো জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী। প্রয়োজন নহ’লে ঘৰৰ পৰা ওলাই নাযাবলৈ সাধাৰণ ৰাইজক পৰামৰ্শ দিছে আৰক্ষীয়ে। ইয়াৰ উপৰিও গাড়ী চলোৱাৰ সময়ত সাৱধান হ’বলৈ নিৰ্দেশ দিয়া হৈছে।