খালী পেটত কেঁচা হালধি খোৱাৰ উপকাৰিতাৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে জানে। পেটৰ বিষ কমোৱাৰ পৰা আৰম্ভ কৰি তেজ পৰিষ্কাৰ কৰি ৰখালৈকে কেঁচা হালধিৰ ভূমিকা অপৰিসীম। কেঁচা হালধি ছালৰ বাবেও অতি উপকাৰী। সুস্থ হৈ থাকিবলৈ কেঁচা হালধি খোৱাৰ বিকল্প নাই। কিন্তু কেঁচা হালধিৰ লগত কেইবাটাও আন সামগ্ৰী যোগ কৰিলে অধিক লাভান্বিত হ’ব পাৰে আপুনি ৷
আদা
হালধি আৰু আদাৰ সংমিশ্ৰণ শৰীৰৰ বাবে অতি উত্তম। দুয়োটাতে প্ৰদাহ নিবাৰণকাৰী উপাদান থাকে। দৈনিক আদা-হালধি পানীয় খালে প্ৰদাহজনিত সমস্যা নাইকিয়া হৈ যাব।
জালুক
ৰান্ধনীশালৰ অন্যতম উপকাৰী উপাদান হৈছে জালুক। জালুকত পাইপেৰিন থাকে, যিটো হালধিৰ সৈতে মিহলি কৰিলে শৰীৰৰ সামগ্ৰিক উন্নতিত সহায় কৰে। হালধি আৰু এচিকুট জালুকে জীৱন সলনি কৰিব পাৰে।
নাৰিকল গাখীৰ
বহুতে নাজানে যে হালধি আৰু নাৰিকলৰ গাখীৰৰ মাজত সম্পৰ্ক আছে। নাৰিকলৰ গাখীৰৰ লগত হালধি মিহলি কৰি খালে শৰীৰে বহু উপকাৰ লাভ কৰে। নাৰিকল গাখীৰত এচিকুট হালধি মিহলাই ল’লে বহু উপকাৰ পোৱা যায়।
নেমুৰ ৰস
নেমুৰ ৰস আৰু হালধি এক স্বাস্থ্যকৰ সংমিশ্ৰণ। দুয়োটাৰে স্বাস্থ্যৰ উপকাৰিতা বেলেগ বেলেগ। কিন্তু একেলগে মিহলি কৰিলে অবিশ্বাস্য লাভ পোৱা যায়। নেমুৰ ৰসৰ লগত হালধি মিহলাই খালে পেটৰ বিষ দূৰ কৰে। ছালত ইয়াৰ প্ৰভাৱো পৰে। ছালত জমা হোৱা বিষাক্ত পদাৰ্থ পৰিষ্কাৰ হয়।
দৈ
টেঙা দৈও হালধিৰ লগত মুক্তভাৱে সেৱন কৰিব পাৰি। দৈ আৰু হালধিৰ সংমিশ্ৰণে শৰীৰৰ সামগ্ৰিক উন্নতিত সহায় কৰিব। দুয়োবিধ সামগ্ৰীৰে আছে সুকীয়া লাভালাভ ৷ দুয়োবিধ মিহলাই ল’লে ইয়াৰ উপকাৰ অধিক হ’ব।