বয়স নিৰ্বিশেষে দাঁতেৰে নখ কামোৰাৰ অভ্যাস বহুতৰে কম বেছি পৰিমাণে সাধাৰণ। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ‘অনিকোফেজিয়া’ বুলি কোৱা হয়। ডাঙৰ হোৱাৰ পিছতো বহুতে সৰুৰে পৰা আৰম্ভ হোৱা এই বেয়া অভ্যাস এৰিব নোৱাৰে। বহুতে অজানিতে বিৰক্তি, উদ্বিগ্নতা বা অত্যধিক মনোনিৱেশ অনুভৱ কৰিলে দাঁতেৰে নখ কামুৰিবলৈ আৰম্ভ কৰে ৷ যদিও এই অভ্যাসে সাময়িক তৃপ্তি দিয়ে, তথাপিও ই শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। নখত সৰ্বাধিক বেক্টেৰিয়া থাকে। দাঁতেৰে নখ কামুৰিলে বেক্টেৰিয়া মুখলৈ স্থানান্তৰিত হয়। যাৰ ফলত পেটৰ সংক্ৰমণ হ’ব পাৰে। দাঁতেৰে নখ কাটিলে নখৰ প্ৰাকৃতিক সৌন্দৰ্য্যও নষ্ট হয়।
এই বেয়া অভ্যাস ৰোধ কৰিবলৈ কি কৰিব?
১) নখবোৰ ডাঙৰ হ’লে দাঁতেৰে নখ কামোৰাৰ প্ৰৱণতা বাঢ়ে। গতিকে নখবোৰ চুটিকৈ কাটি লওক। দীঘল নখতো অধিক মলি জমা হয়।
২) নখত নেইল পলিচ লগাওক । যদি আপুনি দাঁতেৰে নখ কামুৰিব বিচাৰে তেন্তে নখ পলিচৰ তিতা সোৱাদ পাব আৰু সেই কামৰ পৰা বিৰত থাকিব।
৩) নখবোৰ মাজে মাজে মেনিকিউৰ কৰক। সাৱধানে মেনিকিউৰ কৰা নখ দাঁতেৰে কামোৰাৰ আগতে দুবাৰ ভাবিবলৈ বাধ্য হ’ব ।
৪) অন্যমনস্ক হ’লে দাঁতেৰে নখ কামোৰাৰ দৰে কিছুমান বেয়া অভ্যাস জন্ম হয়। মনটো সজাগ কৰি ৰাখক। অভ্যাস সলনি কৰিবলৈ সময় লাগে। কিন্তু ধৈৰ্য্যৰে অনুসৰণ কৰিলে এদিন সফল হ’ব।
৫) দাঁতেৰে নখ কামোৰাৰ আঁৰৰ এটা কাৰণ হ’ল কিবা কাৰণত হোৱা মানসিক চাপ বা উদ্বেগ। মানসিক চাপ কম কৰিবলৈ ধ্যান, প্ৰাণায়াম, যোগাসন কৰক। শৰীৰ আৰু মন দুয়োটাই ভাল হ’ব।