বহু মানুহৰে এবিধ প্ৰিয় মাছ হৈছে ইলিশ ৷ ইলিশ পাতুৰি, ভাপা, ক’লা জিৰাৰ সৈতে পাতল জোল আদিৰ দৰে ব্যঞ্জন অত্যন্ত লোভনীয় । অৱশ্যে বজাৰত এইবিধ মাছৰ দাম যথেষ্ট বেছি ৷ হয়তো বহু সময়ত ইলিশ মাছ ক্ৰয় কৰাৰ সময়ত পকেট খালী হোৱাৰ ভয়ত কিনিবলৈ চিন্তা কৰিব লাগে ৷ খৰচ বেছি হ’লেও একমাত্ৰ সোৱাদৰ বাবে নহয় ইলিশৰ আছে স্বাস্থ্যৰ বহু উপকাৰ আছে। ইলিশ খালে কি কি উপকাৰ হয়?
১) ইলিশ মাছত সংপৃক্ত চৰ্বি বা চেছুৰেটেড ফেটছ অতি কম। আনহাতে, অধিক মাত্ৰাত ওমেগা-৩ ফেটি এচিডে তেজত কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। ফলত হৃদযন্ত্ৰ সুস্থ হৈ উঠে।
২)সামুদ্ৰিক মাছত পোৱা ইপিএ আৰু ডিএইচএ ওমেগা-থ্ৰী তেলে শৰীৰত ইউচিন’ইড হৰম’ন উৎপাদনত বাধা দিব পাৰে। এই হৰম’নৰ প্ৰভাৱত তেজ জমা হৈ শিৰা ফুলি উঠে। ইলিশ মাছ খালে শৰীৰত ৰক্ত সঞ্চালন উন্নত হয়। থ্ৰম্ব’ছিছৰ সম্ভাৱনা হ্ৰাস পায়।
৩) তেলীয়া মাছ খালে চকুৰ স্বাস্থ্য ভাল হয়, চকু উজ্জ্বল হয়। বয়সৰ লগত জড়িত দৃষ্টিশক্তি হেৰুৱাৰ বিৰুদ্ধে যুঁজ দিয়াত ওমেগা-৩ ফেটি এচিডে সহায় কৰিব পাৰে। ইলিশ মাছত থকা ভিটামিন এয়ে কুকুৰীকণা ৰোধ কৰাত সহায় কৰে।
৪) ওমেগা মুক্ত ফেটি এচিডে ছালখনক সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। নিয়মিতভাৱে মাছ খালে ছালখন একজিমা, চ’ৰিয়াচিছৰ পৰা ৰক্ষা পৰে। ইলিশ মাছত থকা প্ৰটিন কলাজেনৰ অন্যতম উপাদান। এই কলাজেনে ছালখন দৃঢ় আৰু কোমল কৰি ৰখাত সহায় কৰে।
৫) বহু গৱেষণাৰ পৰা দেখা গৈছে যে হাওঁফাওঁৰ স্বাস্থ্য বজাই ৰখাত সাগৰীয় মাছ ফলপ্ৰসূ। ইলিশ মাছে শিশুৰ হাঁপানী ৰোগ প্ৰতিৰোধ কৰিব পাৰে। নিয়মিতভাৱে মাছ খোৱা লোকৰ হাওঁফাওঁ শক্তিশালী হয়।