ওজন কমাবলৈ কেইবাটাও উপায় আছে ৷ ব্যায়াম তাৰ ভিতৰত অন্যতম। কিন্তু সকলোৱে জিমলৈ গৈ ব্যায়াম কৰি ভাল নাপায়। বহুতে যোগৰ ওপৰত নিৰ্ভৰ কৰে। ঘৰতে বহুতে ব্যায়াম কৰে । কিন্তু বেছিভাগ মানুহেই ফিট হৈ থাকিবলৈ আৰু ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ খোজ কঢ়াটো পছন্দ কৰে। লিফটৰ সলনি চিৰিৰে গৈ, ঘৰৰ ওচৰৰ বজাৰখনলৈ খোজ কাঢ়ি যাবলৈ বহুতে চেষ্টা কৰে ৷ দিনটোৰ যিকোনো সময়তে অলপ খোজ কাঢ়িলে শৰীৰৰ উপকাৰ হ’ব পাৰে। খোজ কঢ়াৰ আদৰ্শ সময় পুৱা নে গধূলি তাক লৈ বিভিন্ন অধ্যয়ন কৰা হৈছে।
পুৱা খোজ কাঢ়িলে অতিৰিক্ত উপকাৰ পোৱা যায় ৷ ৰাতিপুৱা শুদ্ধ বতাহত খোজ কাঢ়িলে হাঁপানীৰ সমস্যা নিয়ন্ত্ৰণলৈ আহে। হৃদস্পন্দনও স্বাভাৱিক হয় । আটাইতকৈ ডাঙৰ লাভ হ’ল পাচনতন্ত্ৰৰ বিকাৰৰ পৰা সকাহ পোৱা যায় । ৰাতিপুৱাৰ খোজ কাঢ়িলে শৰীৰ, মন আৰু কৰ্ম শক্তিশালী হয়। অনিদ্ৰা হ’লেও পুৱা খোজ কাঢ়িলে উপকাৰ পাব ৷
পুৱা সময় নাপালে সন্ধিয়া কামৰ পৰা উভতি আহি বহুতে খোজ কাঢ়ে । ব্যস্ত দিনৰ শেষত খোজ কাঢ়িলে মানসিক চাপ বহুত কমি যায়। ভাগৰুৱা শৰীৰলৈ শান্তি ঘূৰি আহে। আনকি ওজন কমাবলৈও সন্ধিয়া খোজ কঢ়াটো এটা ভাল অভ্যাস । ইয়াৰ বাহিৰেও সন্ধিয়া ৰ’দ আতৰি গ’লে কোনো গৰম নাথাকে। ফলত বহু সময় খোজ কাঢ়িলেও ভাগৰ কমকৈ লাগে ৷
অৱশ্যে বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে খোজ কঢ়াৰ কোনো আদৰ্শ সময় নাই। দিনটোৰ যিকোনো সময়তে খোজ কঢ়াটো উপকাৰী হ’ব পাৰে। কেতিয়া খোজ কাঢ়িব লাগে সেয়া কেৱল শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি ৰাতিপুৱা খোজ কাঢ়িবলৈ যাব বিচাৰে, তেন্তে তেতিয়াই যোৱা উচিত। আকৌ যদি সন্ধিয়া খোজ কাঢ়িলে সকাহ অনুভৱ কৰে তেন্তে এই সময়টো খোজ কঢ়াৰ বাবে বাছি ল’ব পাৰি।