আজি পবিত্ৰ শাওন মাহৰ দ্বিতীয় সোমবাৰে মহানগৰীৰ পশ্চিম প্ৰান্তৰ পশ্চিম জালুকবাৰীস্থিত শ্ৰীশ্ৰী লংকেশ্বৰ ধামত আপুৰুগীয়া ৰুদ্ৰাক্ষৰ গছ ৰোপণ কৰে । পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত ৰুদ্ৰাক্ষ গছ ৰোপণ অনুষ্ঠানত লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ কামিনী কান্ত কলিতা, বিশিষ্ট শিক্ষাবিদ – সমাজকৰ্মী বাসুদেৱ মালী, খিলঞ্জীয়া অধিকাৰ সমিতি, অসমৰ সভাপতি ৰমেশ মালী, প্ৰাক্তন খণ্ড বন বিষয়া গোবিন্দ ৰাম কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাস, আহ্বায়ক শিৰষ দাস, সংবাদকৰ্মী পদ্মলোচন দাস, ৰাজ্য চৰকাৰৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্ৰাক্তন উপ-নিয়ন্ত্ৰক নবীন চন্দ্ৰ দাস, পৰিব্ৰাজক পুলিন লহকৰ, পুজাৰী অতুল পাটোৱাৰী, ধৰ্মপ্ৰাণা মহিলা কুসুম বৈশ্য, পটেশ্বৰী দাস, মিনতি দাস, শয়ন পাটোৱাৰীয়ে বৃক্ষৰোপণ কৰে । প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আত ধৰা অনুষ্ঠানত শিক্ষাবিদ বাসুদেৱ মালীয়ে কয়- বৃক্ষ থাকিলেহে মানৱ জাতি জীয়াই থাকিব। আমি নিজে নিজেই এজোপাকৈ গছ ৰুলে পৃথিৱীখন ধুনীয়া হ’ব । খিলঞ্জীয়াৰ হকে মাত-মাতি অহা ৰমেশ মালীয়ে কয়- আজি লংকেশ্বৰ ধামত ঐতিহাসিক গছ ৰোপণ হ’ল। শান্তিৰ নিজৰা এই গছে বোৱাই থাকিব । প্ৰাক্তন অধ্যক্ষ কামিনী কান্ত কলিতাই কয়- পৰাগজ্যোতি প্ৰকাশনে এটি বৰ মহান কাম কৰিলে । আজীৱন- আমৃত্যু লংকেশ্বৰ ধাম পৰিয়াল এই প্ৰকাশনৰ ওচৰত কৃতজ্ঞ হৈ ৰব ।