উংকট গৰমত বাহিৰৰ পৰা আহিলে গাটো ধুলেহে সকাহ অনুভৱ কৰিব পাৰি ৷ কিন্তু গা ধোৱাটো কেৱল গৰমৰ পৰা সকাহ পোৱাৰ বাবে নহয়। পৰিষ্কাৰ-পৰিচ্ছন্নতা ইয়াৰ লগত জড়িত। বহু লোকে হয়তো নাজানে যে গা ধোৱাৰ লগত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সম্পৰ্ক আছে। নিয়মিতভাৱে গা ধুলে কেইবাবিধো ৰোগ নিয়ন্ত্ৰণত ৰাখিব পাৰি?
১) কুহুমীয়া পানীত গা ধুলে শৰীৰত ৰক্ত সঞ্চালন উন্নত হয়। নিয়মীয়াকৈ গা ধোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ‘জাৰ্নেল অৱ ফিজিঅ’লজি’ত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি গৰম পানীত গা ধুলে শৰীৰত নাইট্ৰিক অক্সাইডৰ উৎপাদন বৃদ্ধি পায়। যিয়ে ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰখাত সহায় কৰে।
২) মানসিক চাপ আৰু উদ্বেগ নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকে গৰম পানীত গা ধুবলৈ পৰামৰ্শ দিয়ে। স্নায়ুৰ উত্তেজনা শান্ত কৰাৰ পৰা আৰম্ভ কৰি মানসিক চাপৰ হৰম’ন মুক্ত হয় গা ধূলে ৷ নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি গা ধোৱাৰ ফলত হতাশাৰ পৰা উপশম পোৱা যায়।
৩) ‘জাৰ্নেল অৱ ডাৰ্মেট’লজিকেল ছায়েন্স’ত প্ৰকাশিত গৱেষণা পত্ৰ অনুসৰি কুহুমীয়া পানীত গা ধুলে ছালৰ আৰ্দ্ৰতা স্তৰ স্বাভাৱিকভাৱে বজাই ৰাখিব পাৰি। শুকান ছাল বা একজিমাৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে গা ধোৱা উচিত।