অসমৰ নৱ নিযুক্ত ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্যই আজি শপত গ্ৰহণ কৰে ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত তেওঁ অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত লয় ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰোৱাই ।
উল্লেখ্য যে আজি শপতগ্ৰহণ কৰা লক্ষ্মণপ্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে। ইয়াৰ পূর্বে লক্ষ্মণপ্ৰসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ২০২৩ চনত তেওঁক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল ৷ তাৰ পূর্বে তেওঁ ভাৰতীয় জনতা পার্টীৰ বিভিন্ন দায়িত্ব পালন কৰিছিল ৷ আচার্য উত্তৰ প্ৰদেশৰ বাসিন্দা ৷
আনহাতে ৰাজ্যৰ বৰ্তমানৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক পঞ্জাৱৰ ৰাজ্যপালৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ প্ৰশাসক হিচাপেও নিযুক্তি দিয়া হৈছে। আজি অসমৰ পৰা কাটাৰিয়া পঞ্জাৱ অভিমুখে ৰাওনা হয় ৷ কাইলৈ তেওঁ শপত ল’ব ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিভিন্ন ৰাজ্যৰ নতুন ৰাজ্যপালসকলক নিযুক্তি দিছে।
এই নিৰ্দেশ অনুসৰি অসমৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিছে ৷ অসমসহ ৯খন ৰাজ্যপাল নতুনকৈ নিযুক্তি দিয়া হৈছে ৰাজ্যপাল ৷ আজিৰ শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাকে ধৰি মন্ত্ৰী-বিধায়কসকল উপস্থিত থাকে ৷