আজি পেৰিছ অলিম্পিকত অভিযান আৰম্ভ কৰে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। নৰৱে’ৰ সুনিভা হফষ্টেডৰ বিৰুদ্ধে যুঁজত নামিব লাভলীনা। মহিলাৰ ৭৫ কেজি শাখাত ৰিঙত নামিব লাভলীনা বৰগোহাঁই। বিয়লি ৩.৫০ বজাত অনুষ্ঠিত হ’ব লাভলীনা আৰু সুনিভাৰ মাজত প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলখন।
২০২১ চনত জাপানত অনুষ্ঠিত টকিঅ’ অলিম্পিকত ইতিহাস ৰচনা কৰে লাভলীনাই। টকিঅ’ অলিম্পিকত ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয়। ছেমি ফাইনেলত তুৰস্কৰ বুজেনাছ চাৰ্মেলেনীৰ হাতত ৫-০ৰ ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক দখল কৰে অসম কন্যা লাভলীনাই। ইয়াৰ লগে লগে লাভলীনা অলিম্পিকৰ পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। অৱশ্যে পৰৱর্তী সময়ত তেওঁ নিজৰ ওজনৰ শাখা সলনি কৰে ৷ বর্তমান তেওঁ ৭৫ কিলোগ্ৰাম শাখাত খেলি আহিছে ৷
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত লাভলীনাই পৰৱৰ্তী অলিম্পিক অৰ্থাৎ পেৰিছ অলিম্পিকত স্বৰ্ণপদকৰ লক্ষ্যৰে যুঁজিব বুলি উল্লেখ কৰিছিল। সকলোৱে সেয়াই আশা কৰিছে। লাভলীনাই এইবাৰ দেশলৈ স্বৰ্ণপদক লৈ আহক। সমগ্ৰ দেশবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে লাভলীনাৰ খেললৈ। লাভলীনালৈ অলেখ শুভকামনা জনাইছে ৰাজ্য়বাসীয়ে ৷ মুখ্য়মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাইয়ো লাভলীনালৈ শুভেচ্চা জ্ঞাপন কৰে ৷